অজয় দেৱগনৰ তানহাজী উপভোগ কৰি ছবি গৃহতে দৰ্শকে উৰুৱালে নোট

অজয় দেৱগনৰ তানহাজী উপভোগ কৰি ছবি গৃহতে দৰ্শকে উৰুৱালে নোট

অজয় দেৱগনৰ তানহাজী উপভোগ কৰি ছবি গৃহতে দৰ্শকে উৰুৱালে নোট ।নৱবৰ্ষত বহু কেইখন বলিউডৰ ছবি মুক্তি লাভ কৰিলে । তাৰ ভিতৰত অজয় দেৱগনৰ তানহাজী - দ্যা আনচাং ওৰিয়ৰ ও এখন । অজয় দেৱগনৰ ছবি তানহাজীয়ে দৰ্শকৰ যথেষ্ট সমাদাৰ লাভ কৰা দেখা গৈছে। অনুৰাগী সকলো যথেষ্ট খিনি ভাল পাইছে এই ছবি খন । এই ছবিখন উপভোগ কৰি অনুৰাগী সকলৰ এটি ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টিত দেখা গৈছে যে ছবি খন উপভোগ কৰিবলৈ গৈ দৰ্শক সকলে টকা উৰুৱাইছে ।

অজয় দেৱগন আৰু কাজলৰ ছবি তানহাজীৰ এটি ভিডিঅ' অনুৰাগীয়ে পোষ্ট কৰিছে । জানিব পৰা মতে নোট উৰুৱাই থকা ভিডিঅ'টো মহাৰাষ্ট্ৰৰ কোহলাপুৰ অৱস্থিত পদ্মা তাকীজৰ হয় । ছবিখনৰ সময়ত অজয় দেৱগনৰ এক্সন চাই লোক সকল ইমানেই উৎফুল্লিত হৈ পৰিছিল যে তেওঁলোকে ছবি গৃহৰ ভিতৰতে নোট উৰুৱাই । এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হোৱা দেখা যায়।

https://www.instagram.com/p/B7aIjHMpTfs/?utm_source=ig_web_copy_link

ইয়াৰ উপৰিও এই ছবি খনৰ ওপৰত আন এটি ভিডিঅ'ভাইৰেল হোৱা দেখা যায়। এই ভিডিঅ'টোত দেখা যায় যে এজন যুৱকে ছবি গৃহত ছবি উপভোগ কৰি থকাৰ সময়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ স্তুতি আওৰাই থাকে । ইয়াৰ পিছত যুৱক জনে জয় জয় ধ্বনিও দিয়া দেখা যায় । এই ভিডিঅ'টো ও মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা বুজিব পাৰি যে ছবি খন দৰ্শকে কিমানখিনি ভাল পাইছে।

অজয় দেৱগন আৰু কাজলৰ এই ছবি খন ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছিল। বক্স অফিচ অনুসৰি তানহাজী ছবি খনে এতিয়ালৈকে ১১৬ কোটিতকৈ অধিক টকা আয় কৰিছে । জানিব পৰা মতে অজয় দেৱগনৰ তানহাজী ছবি খন এটি সঁচা কাহিনীৰ ওপৰত আধাৰিত। এই ছবি খনত অজয় দেৱগন, কাজলৰ লগতে ছৈয়ফ আলী খান, শাৰদ কেলকৰ , নেহা শৰ্মাৰ লগতে আন বহুতো বিশিষ্ট অভিনেতা অভিনেত্ৰীয়ে অভিনয় প্ৰদৰ্শন কৰা দেখা গৈছে। উল্লেখযোগ্য যে এই ছবি খনত। অজয় দেৱগনে তানাজী মালুচাৰেৰ চৰিত্ৰত অভিনয় কৰিছে। লগতে কাজলে সাবিত্ৰীবাই আৰু ছৈয়ফ আলী খানে উদয়ভান সিং ৰাথোৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়।

এই ছবি খনৰ নিৰ্দেশনা কৰিছে ওম ৰাউটে । লগতে এই ছবি খনৰ সংগীত পৰিচালনা কৰিছে অজয় , অতুল ,শছীত, সন্দীপ শ্ৰীৰোধকাৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com