Begin typing your search above and press return to search.

'হেপ্পী হাৰ্ডী এণ্ড হীৰ' ৰ ট্ৰেইলৰ মুক্তি, ৰাণু মণ্ডলে কৰিছে কণ্ঠদান

হেপ্পী হাৰ্ডী এণ্ড হীৰ ৰ ট্ৰেইলৰ মুক্তি, ৰাণু মণ্ডলে কৰিছে কণ্ঠদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jan 2020 10:16 AM GMT

'হেপ্পী হাৰ্ডী এণ্ড হীৰ' ৰ ট্ৰেইলৰ মুক্তি, ৰাণু মণ্ডলে কৰিছে কণ্ঠদান। সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেতা হিমেশ ৰেচমিয়াৰ ছবি 'হেপ্পী হাৰ্ডী এণ্ড হীৰ' ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছে । এই ছবিখনত হিমেশ ৰেচমিয়াই দুটা চৰিত্ৰত অভিনয় কৰা দেখা পোৱা যাব । 'হেপ্পী হাৰ্ডী এণ্ড হীৰ' ৰ ট্ৰেইলৰ বিশেষত্ব এয়ে যে ট্ৰেইলৰ আৰাম্ভণিত ৰাণু মণ্ডলৰ কণ্ঠত গান শুনিবলৈ পোৱা যায়। ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰাৰ পিছতেই ইউটিউবত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।এই ছবি খন ২০২০ চনৰ ৩১ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব।

জানিব পৰা মতে এই ছবি খন প্ৰেমৰ ঘটনাৰ ওপৰত আধাৰিত। লগতে এই ছবি খনত এজন এন আৰ আই ৰ কাহিনী দেখুওৱা হ'ব। ট্ৰেইলৰৰ প্ৰথমতে জনপ্ৰিয় চৰ্চিত গান 'তেৰী মেৰী কাহানী' ৰ সুৰ শুনিবলৈ পোৱা যায়। এই গানটো ছ'চিয়েল মিডিয়াত চৰ্চিত ৰাণু মণ্ডলে কণ্ঠদান কৰিছে। ৰাণু মণ্ডলৰ বাবেই এই ছবি খনো যথেষ্ট চৰ্চালৈ আহিছে। এই ছবি খনৰ ট্ৰেইলৰ মুক্তি লাভ কৰাৰ কিছু সময়ৰ ভিতৰতে প্ৰায় ১ লাখতকৈ অধিক লোকে চাইছে ।

https://www.youtube.com/watch?v=OJyMVGUtUwk

ইয়াৰ আগতে ছবি খন মুক্তিৰ তাৰিখ ২০২০ চনৰ ৩ জানুৱাৰী আছিল । কিন্তু এতিয়া এই ছবি মুক্তিৰ দিন পিছুৱাই ৩১ জানুৱাৰী কৰি দিয়া হৈছে।

এই ছবিখনৰ নিৰ্দেশনা কৰিছে ৰাকাই । লগতে পৰিচালনা কৰিছে দীপশিখা দেশমুখ আৰু সবিতা মানাকচান্দ ।

হিমেশ ৰেচমিয়াৰ অভিনীত 'হেপ্পী হাৰ্ডী এণ্ড হীৰ' ত ৰাণু মণ্ডলে কণ্ঠদান কৰিছে । ৰাণু মণ্ডল‌ বিভিন্ন সময়ত বিভিন্ন কাৰণত চৰ্চালৈ অহা দেখা যায়। বহু সময়ত কণ্ঠশিল্পী গৰাকী ট্ৰ'লৰ সন্মুখীন হোৱা ও দেখা যায়। কিছুদিন পূৰ্বে ও ৰাণু মণ্ডলৰ বিমান বন্দৰৰ এটি ভিডিঅ' ভাইৰেল হৈছিল। এই ভিডিঅ'টোত এগৰাকী অনুৰাগীয়ে ৰাণু মণ্ডলৰ লগত ফটো উঠিব বিচাৰিছিল কিন্তু তেওঁ ফটো উঠাত সংকোচ কৰিছিল ।যাৰ ফলত কণ্ঠশিল্পী ৰাণু মণ্ডল‌ ব্যাপক চৰ্চালৈ আহিছিল ।

অন্য খবৰৰ বাবে পঢ়ক : আহি আছে কাৰ্তিক আৰিয়নৰ নতুন ছবি “দোস্তানা ২”,আৰম্ভ হৈছে ছবি নিৰ্মানৰ কাম

ভিডিঅ প্ৰতক্ষ্য কৰক : Uproar in Nagaon's Kampur after Forest Officials failed to mitigate Man-Elephant Conflict

Next Story
চাকৰি