মনোৰঞ্জন

সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্ৰী সোনাক্ষী সিন্হাই কি মন্তব্য দিলে ছচিয়েল মিডিয়াত

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাই শুক্ৰবাৰে উপস্থিত হ’লগৈ কৌন বনেগা কৌড়পতি অৰ্থাৎ কেবিচিৰ মঞ্চত ৷ কিন্তু কেবিচি ১১ৰ জৰিয়তে সমালোচনাৰ সন্মুখীন হ’ল সোনাক্ষী ।প্ৰকৃততে ৰাজস্থানৰ ৰুমাদেৱী নামৰ মহিলাগৰাকীৰ সহায়ৰ কাৰণে কেবিচিৰ মঞ্চত উপস্থিত হৈছিলগৈ সোনাক্ষী সিন্হা। কিন্তু কেবিচিৰ মঞ্চত সোনাক্ষী সিন্হাকডা° অনুষ্ঠানৰ আঁত ধৰোতা অমিতাভ বচ্চনে ৰামায়ণৰ সন্দৰ্ভত প্ৰশ্ন কৰে ৷ প্ৰশ্ল আছিল এনেধৰণৰ ৰামায়ণৰ মতে হনুমানে কাৰ কাৰণে সঞ্জীৱনী সুধা আনিছিল ৷

১.সুগ্ৰীৱ

২.লক্ষ্মণ

৩.সীতা

৪.ৰাম ৷

এই প্ৰশ্নৰ শুদ্ধ উত্তৰ (লক্ষ্মণ) দিবলৈ যাওঁতে সোনাক্ষীয়ে লাইফলাইনৰ সহায় লৈছিল । ইয়াৰ লগে লগে ছ’চিয়েল মিডিয়াত চৰ্চাৰ সন্মুখীন হয় সোনাক্ষী সিন্হা ।লগতে এগৰাকী লোকে সোনাক্ষীক পৰিয়ালৰ সন্দৰ্ভত কয় যে শত্ৰুঘ্ন সিন্হা(পিতৃ),লৱ(ভাতৃ),কুশ (ভাই),ৰাম (খুড়া),লক্ষ্মণ(খুড়া), ভৰত (খুড়া) ৷আৰু সোনাক্ষীৰ পিতৃৰ ঘৰটোৰ নাম ৰামায়ণ। লগতে সোনাক্ষীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা ভিডিঅ’টিও শ্বেয়াৰ কৰিছে সমালোচনা কাৰী গৰাকীয়ে ৷

অন্য এজন সমালোচনাকাৰীয়ে আকৌ আলিয়া ভাটৰ লগত সোনাক্ষীক তুলনা কৰিছে ৷কাৰণ আলিয়াও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু আৰু ৰাষ্ট্ৰপতিৰ মাজত খেলি মেলিৰ সৃষ্টি কৰিছিল। উল্লেখ্য যে কলংকল অভিনেত্ৰী সোনাক্ষী সিন্হাও ইয়াৰ পিছতেই সকলো সমালোচনাকাৰীৰ বিৰুদ্ধে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷সোনাক্ষী টুইটাৰ যোগে লিখিছে।

https://twitter.com/sonakshisinha/status/1175328973653282816

ইতিমধ্যে সোনাক্ষী সিন্হাই মিশ্যন মংগলৰ দৰে ছবিৰে বলীউডত খলকনিৰ সৃষ্টি কৰিছে ৷সম্প্ৰতি সোনাক্ষী সিন্হা ব্যস্ত আছে ছলমান খানৰ দাবাং ৩ ছবিখনত ৷ দাবাং ৩ মুক্তি পাব ২০ ডিচেম্বৰত ৷