মনোৰঞ্জন

বলীউডৰ এইসকল অভিনেত্ৰীৰ অভিনয়ে মন চুই গৈছে ৱেব চিৰিজত

Sentinel Digital Desk

বলীউডৰ কিছু সংখ্যক অভিনেত্ৰী আছে যিসকলৰ অভিনয় ৱেব চিৰিজত অধিক আঁকোৱালি লৈছে দৰ্শকে।সম্প্ৰতি সকলোৱে ৱেব চিৰিজ সমূহক যথেষ্ট আদৰি লৈছে। ৱেব চিৰিজসমূহৰ প্ৰভাৱ লোকসকলৰ ওপৰত যথেষ্ট পৰিছে ৷ যাৰ কাৰণে ৱেব চিৰিজ সমূহ চাবলৈ দৰ্শকসকলে উৎসুকতা প্ৰদান কৰি থাকে ।

দেখা যায় যে এই ৱেব চিৰিজ সমূহত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলৰ অভিনয় প্ৰতিভা যথেষ্ট আকৰ্ষণীয় ৷ তেওঁলোকে হয়তো ছবিত অভিনয় নকৰিব পাৰে কিন্তু তেওঁলোকৰ অভিনয় প্ৰতিভা মন কৰিব লগীয়া। আহক চাওঁ ৱেব চিৰিজসমূহৰ জৰিয়তে দৰ্শকৰ মনত স্থান পাবলৈ সক্ষম হোৱা অভিনেত্ৰী সকলৰ তালিকা ৷

দিয়া মিৰ্জা

বলীউডৰ বহু ছবিত অভিনয় কৰা অভিনেত্ৰী দিয়া মিৰ্জাৰ কাফিৰ ৱেব চিৰিজখন অন্যতম ৷ ৱেব চিৰিজখন জি ৫ ত আৰম্ভ হয় । ইয়াত দিয়া মিৰ্জাৰ অভিনয়ক বহু প্ৰশংসা কৰিছে দৰ্শকে ৷ ইফালে দিয়াৰ মোহনীয়তা প্ৰায় সংখ্যক দৰ্শকৰে মুখে মুখে যদিও বলীউডত যেনেধৰণে স্থান পাব লাগিছিল তেনে ধৰণে স্থান পাবলৈ সক্ষম ন’হল দিয়া মিৰ্জা ৷

টিস্কা চোপ্ৰা

টিস্কা চোপ্ৰাক চুটি ছবি চাটনীয়ে দেশতে নহয় বিদেশটো প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৬ চনত এই ৱেব চিৰিজ খনক ইউটিউবত প্ৰচাৰ কৰা হৈছিল ৷ এই ৱেব ছবিখনত টিস্কাৰ অভিনয়ে বহু সমাদৰ লাভ কৰিছিল ৷ এই ছুটি ছবিখনত টিস্কাক ফিল্ম ফেয়াৰত শ্ৰেষ্ঠ্য অভিনেত্ৰীৰ বটাঁ লাভ কৰিছিল ৷ ইয়াৰ প্ৰাক মুহুৰ্তত টিস্কাক তাৰে জমী পৰ ছবিখনত কৰা অভিনয়ৰ কাৰণে দৰ্শকে আদৰি লৈছিল ৷ যদিও এই ছবিখনৰ পিছত ছবিত অফাৰ লাভ কৰিবলৈ সক্ষম ন’হল ৷

শেফালী শ্বাহ

ৱেব চিৰিজ দিল্লী ক্ৰাইমত শেফালী শ্বাহে আৰক্ষী বিষয়া বৰ্তিকা চতুৰ্বেদীৰ ৰূপত অভিনয় কৰিছে। অভিনেত্ৰীগৰাকীক এই ৱেব চিৰিজখনত যথেষ্ট আদৰি লৈছে ৷ এই ৱেব চিৰিজ খনত বৰ্তিকাই ২০১৬ চনত দিল্লীত হোৱা ধৰ্ষণত জৰিত থকা অপৰাধীসকলক শাস্তি প্ৰদান কৰে ৷ বহু শক্তিশালী চৰিত্ৰত অভিনয় কৰা শেফালীয়ে কিন্তু বলীউডৰ ছবিত অভিনয় কৰিবলৈ স্থান পাবলৈ সক্ষম ন’হল ৷

হুমা কুৰেশ্বী

১৪ জুনৰ পৰা নেটফ্লিক্সত প্ৰচাৰিত হুমা কুৰেশ্বীৰ লেলা ৱেব চিৰিজখনত অভিনেত্ৰী গৰাকীৰ শক্তিশালী অভিনয় দেখিবলৈ পোৱা গৈছে। দীপা মেহতাৰ দ্বাৰা নিৰ্দেশিত এই ৱেব চিৰিজখনত হুমা কুৰেশ্বীয়ে শ্বালিনীৰ চৰিত্ৰটো অতি সাৱলীলতাৰে অভিনয় কৰিছে। ইয়াৰ পূৰ্বে হুমাই গেন্সছ অফ ৱাছিপুৰ,বদলাপুৰ,লব ছব আদি ছবিত অভিনেত্ৰী গৰাকীৰ অভিনয় সকলোৱে আঁকোৱালি লৈছে ৷ কিন্তু বলীউডৰ ছবিৰ বিপৰীতে ৱেব চিৰিজতহে হুমাৰ অভিনয় দৰ্শকে আকোঁৱালি লৈছে ৷