নিউয়ৰ্কৰ পিছত লণ্ডনত প্ৰিয়াংকা চোপ্ৰা জ’নাছৰ ৱেক্স ষ্টেচু : উৎসুক অনুৰাগী

নিউয়ৰ্কৰ পিছত লণ্ডনত প্ৰিয়াংকা চোপ্ৰা জ’নাছৰ ৱেক্স ষ্টেচু : উৎসুক অনুৰাগী

বলীউড আৰু হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা ছোপ্ৰা জ’নাছৰ দ্বিতীয়তো ৱেক্স ষ্টেচু লণ্ডনৰ মেডাম তুছাড মিউজিয়ামত মুকলি কৰে ৷লণ্ডনৰ মিউজিয়ামৰ এটি টীমে টুইটাৰ যোগে প্ৰিয়াংকা ছোপ্ৰাক সম্ভাষণ জনায় লিখে যে প্ৰিয়াংকা চোপ্ৰা আপোনাক লণ্ডনলৈ আদৰিছো ৷ইয়াৰ বিপৰীতে লণ্ডনৰ পূৰ্বতে ২০১৭ চনত মেডাম তুসাডৰ নিউয়ৰ্কত থকা মিউজিয়ামটোত প্ৰিয়াংকা চোপ্ৰাৰ ৱেক্স ষ্টেচু লগোৱা হয়।

২০১৭ চনৰ গ’ল্ডেন গ’ল্ড লুকক কপি কৰি নিৰ্মাণ কৰিছে প্ৰিয়াংকাৰ ৱেক্স ষ্টেচু। প্ৰিয়াংকাৰ এই ষ্টেছুৰ লগত বলীউডৰ বহু চেলীব্ৰেট্ৰীৰ নাম সন্নিবিষ্ট হৈছে। ইফালে প্ৰিয়াংকা চোপ্ৰাৰ পেন পেইজত প্ৰিয়াংকাৰ ৱেক্স ষ্টেচুৰ এখন ফ’টো শ্বেয়াৰ কৰি কেপশ্যন লিখিছে যে বিশ্ব কাপৰ ওপৰিও ইংলেণ্ড সম্প্ৰতি আৰু অধিক ৰোমাঞ্চকৰ হৈ উঠিব ৷কাৰণ লণ্ডনত প্ৰিয়াংকা মেডাম তুসাডৰ ম’ম’ স্থাপন কৰা হ’ব ৷

উল্লেখ্য যে,বিগত বৰ্ষৰ ১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

এইবাৰ ইউএচএ টুডেত অভিনেত্ৰী গৰাকীয়ে ৫০ গৰাকী শক্তিশালী মহিলাৰ ভিতৰত স্থান পায় দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাই ৷ মনোৰঞ্জন জগতত বিশেষভাৱে অৱদান আগবঢ়োৱা লগতে নিজৰ শক্তিশালী অভিনয় আৰু চেষ্টাৰ কাৰণে প্ৰিয়াংকা চোপ্ৰাই এই সাফল্য লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰিয়াংকা চোপ্ৰাই তিনিবাৰকৈ অকাডমী পুৰস্কাৰ প্ৰাপ্ত মেৰিল ষ্ট্ৰীপ,অ’পৰা উইনফ্ৰে,গায়িকা বিয়োন্সেৰ লগত টেলীভিশ্যন অভিনেত্ৰী এলেন ডীজেনৰেছ,অস্কাৰ বিজয়ী জেনিফাৰ লৰেন্স আৰু অভিনেত্ৰী নিক’ল কিডমেনৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

এই সাফল্য পোৱাৰ পিছতে প্ৰিয়াংকা চোপ্ৰাই কয় যে মই বহুত সুখী ৷ এনে ধৰণৰ প্ৰাপ্তিয়ে কাম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে ৷ মই বহুত গৰ্ব অনুভৱ কৰিছোঁ ৷ কাৰণ মই সেই সকল মহিলাৰ শাৰীত স্থান পাবলৈ সক্ষম হৈছো ৷ যিসকলে গভীৰ প্ৰত্যাহ্বানক হেলাঙৰে অতিক্ৰম কৰি নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইয়াৰ পূৰ্বতে প্ৰিয়াংকা চোপ্ৰাই ২০১৮ বৰ্ষত ফৰ্বছত ম’ষ্ট পাৱৰফুল মহিলাৰ সূচীত নিজৰ নাম প্ৰতিষ্ঠা কৰিছিল ৷ আনহাতে নিক জ’নাছৰ লগত বিয়াৰ হোৱাৰ পিছত স্বামী নিক জ’নাছ আৰু পৰিয়ালৰ বাকী সদস্যৰ লগত শেহতীয়াকৈ মুক্তি পায় Sucker ভিডিঅ’ টি ।

Sucker শীৰ্ষত এটি গীতত প্ৰিয়াংকা উপৰিও আছে নিক,জ’,ডেনিয়েল আৰু চ’ফী ৷ উল্লেখ্য যে,নিক জ’নাছ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কৰা এই ভিডিঅ’টোক লৈ অত্যন্ত উৎসাহী প্ৰিয়াংকা চোপ্ৰা ৷ ইফালে প্ৰিয়াংকা-নিকৰ পৰিয়ালৰ সকলোৰে ইনষ্ট্ৰাগ্ৰামত এই ভিডিঅ’ দেখিবলৈ পোৱা গৈছে ৷গীতটিত প্ৰিয়াংকা,চ’ফী, ডেনিয়েল সকলোৱে অত্যন্ত আনন্দৰে দৃশ্যগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ নিক জ’নাছৰ লগত প্ৰিয়াংকাৰ এইটো প্ৰথম আৰু বাকী শহুৰ ঘৰৰ লোকসকলৰ লগত প্ৰথম ভিডিঅ’ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com