মাতৃ মধু চোপ্ৰাৰ জন্ম দিন উদযাপন বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

মাতৃ মধু চোপ্ৰাৰ জন্ম দিন উদযাপন বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই মাতৃ মধু চোপ্ৰাৰ জন্ম দিন উদযাপন কৰিলে স্বামী নিক জ’নাছ আৰু মাতৃৰ লগত ৷ নিক জ’নাছ আৰু প্ৰিয়াংকা চোপ্ৰাই মধু চোপ্ৰাৰ জন্ম দিনৰ আলোকচিত্ৰ ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে ।জন্ম দিনৰ এদিন পূৰ্বে প্ৰিয়াংকা চোপ্ৰাই মাতৃ মধু চোপ্ৰাৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখে যে বেষ্ট বাৰ্ড ডে গাৰ্ল এভাৰ ৷ ধন্যবাদ মা মোৰ সহযোগী হোৱাৰ কাৰণে ৷

উল্লেখ্য যে চলিত বৰ্ষৰ পিতৃ দিৱসৰ দিনাই আছিল প্ৰিয়াংকা চোপ্ৰাৰ মাতৃ জন্ম দিন। প্ৰিয়াংকাই এখন ফ’টো শ্বেয়াৰ কৰি লিখে যে পিতৃ দিৱসৰ দিনাই মাতৃৰ জন্ম দিন হোৱাৰ কাৰণে অনুভৱ হৈছে যে আমাৰ মাজতে পিতৃ আছে। এনেকুৱা এটা দিনো নাই যিটো দিনত পাপাক মনত পেলোৱা নাই ৷আই লভ ইউ ৷প্ৰিয়াংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰা এগৰাকী চিকিৎসক লগতে প্ৰিয়াংকা ব্যৱসায়ৰ অংশীদাৰ ৷

এইবাৰ ইউএচএ টুডেত অভিনেত্ৰী গৰাকীয়ে ৫০ গৰাকী শক্তিশালী মহিলাৰ ভিতৰত স্থান পায় দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাই ৷ মনোৰঞ্জন জগতত বিশেষভাৱে অৱদান আগবঢ়োৱা লগতে নিজৰ শক্তিশালী অভিনয় আৰু চেষ্টাৰ কাৰণে প্ৰিয়াংকা চোপ্ৰাই এই সাফল্য লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰিয়াংকা চোপ্ৰাই তিনিবাৰকৈ অকাডমী পুৰস্কাৰ প্ৰাপ্ত মেৰিল ষ্ট্ৰীপ,অ’পৰা উইনফ্ৰে,গায়িকা বিয়োন্সেৰ লগত টেলীভিশ্যন অভিনেত্ৰী এলেন ডীজেনৰেছ,অস্কাৰ বিজয়ী জেনিফাৰ লৰেন্স আৰু অভিনেত্ৰী নিক’ল কিডমেনৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

এই সাফল্য পোৱাৰ পিছতে প্ৰিয়াংকা চোপ্ৰাই কয় যে মই বহুত সুখী ৷ এনে ধৰণৰ প্ৰাপ্তিয়ে কাম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে ৷ মই বহুত গৰ্ব অনুভৱ কৰিছোঁ ৷ কাৰণ মই সেই সকল মহিলাৰ শাৰীত স্থান পাবলৈ সক্ষম হৈছো ৷ যিসকলে গভীৰ প্ৰত্যাহ্বানক হেলাঙৰে অতিক্ৰম কৰি নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইয়াৰ পূৰ্বতে প্ৰিয়াংকা চোপ্ৰাই ২০১৮ বৰ্ষত ফৰ্বছত ম’ষ্ট পাৱৰফুল মহিলাৰ সূচীত নিজৰ নাম প্ৰতিষ্ঠা কৰিছিল ৷ আনহাতে নিক জ’নাছৰ লগত বিয়াৰ হোৱাৰ পিছত স্বামী নিক জ’নাছ আৰু পৰিয়ালৰ বাকী সদস্যৰ লগত শেহতীয়াকৈ মুক্তি পায় Sucker ভিডিঅ’ টি ।

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com