মনোৰঞ্জন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই সাৱধান ইণ্ডিয়াৰ পৰা বহিষ্কাৰ হ'ল সুশান্ত সিং

Sentinel Digital Desk

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই সাৱধান ইণ্ডিয়াৰ পৰা বহিষ্কাৰ হ'ল সুশান্ত সিং। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ জনগন, দল সংগঠন, কলা কুশলী , অভিনেতা অভিনেত্ৰী আদি ।

অভিনেতা সুশান্ত সিঙক প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত কাৰ্যক্ৰম " সাৱধান ইণ্ডিয়া" ৰ পৰা বহিষ্কাৰ কৰা হয় । অভিনেতা গৰাকীয়ে এই কাৰ্যক্ৰমত ঘটনাৰ বিৱৰণী দিছিল । জানিব পৰা মতে মুম্বাইত অভিনেতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতা কৰাৰ বাবে " সাৱধান ইণ্ডিয়া" ৰ পৰা বহিষ্কাৰ হ'ব লগীয়া হয় সুশান্ত সিং। অভিনেতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত যোগ দিছিল যাৰ বাবে বাহিৰ হয় সুশান্ত সিং।

এই কথা অভিনেতা সুশান্ত সিঙে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে । তেওঁ লিখে যে সাৱধান ইণ্ডিয়াৰ লগত তেওঁৰ বন্ধন শেষ হ'ল ।

তেওঁ এই কথাটো টুইট কৰাৰ পিছতে বিভিন্ন জনে বিভিন্ন প্ৰশ্ন কৰে । কিন্তু বৰ্তমান অভিনেতা সুশান্ত সিঙৰ টুইটাৰ একাউণ্টো বন্ধ হোৱা দেখা গৈছে । তেওঁৰ টুইটাৰত একাউণ্ট কি কাৰণে বন্ধ হ'ল সেই কথা ইতিমধ্যে গম পোৱা হোৱা নাই। তেওঁ এই কথা টুইট কৰাৰ পিছতে বহু লোকে সুধিছিল যে , " সঁচা কোৱাৰ বাবে তেওঁ এই পুৰস্কাৰ পালে নেকি" ? তাৰ উত্তৰত তেওঁ লিখে যে সঁচাটো সমৰ্থন কৰাৰ ক্ষেত্ৰতো এইটো বহু সৰু পুৰস্কাৰ হয় । ভগত সিং, সুখদেৱ, ৰাজগুৰুক কেনেদৰে উত্তৰ দিম?

এতিয়াও অৱশ্যে চেনেলটোৱে সুশান্ত সিঙক বাহিষ্কাৰ কৰাৰ প্ৰকৃত কাৰণ দাঙি ধৰা নাই।

উল্লেখযোগ্য যে সুশান্ত সিং বিগত আঠ বছৰৰ পৰা সাৱধান ইণ্ডিয়াৰ লগত জড়িত হৈ আছিল।

দীয়া মিৰ্জা , সোনাক্ষী সিহ্না, হুমা কুৰেশী, ৰাজকুমাৰ ৰাও , ৰিতেশ দেশমুখ আদিকে ধৰি আন বহুতো অভিনেতা অভিনেত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: 'Gana Garjan Programme' launched in Tinsukia