Begin typing your search above and press return to search.

অভিনেত্ৰী পায়েল ৰোহটাগীক গ্ৰেপ্তাৰ কৰিলে ৰাজস্থান আৰক্ষীয়ে

অভিনেত্ৰী পায়েল ৰোহটাগীক গ্ৰেপ্তাৰ কৰিলে ৰাজস্থান আৰক্ষীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2019 11:36 AM GMT

অভিনেত্ৰী পায়েল ৰোহটাগীক গ্ৰেপ্তাৰ কৰিলে ৰাজস্থান আৰক্ষীয়ে। ৰাজস্থান আৰক্ষীয়ে অভিনেত্ৰী পায়েল ৰোহটাগীক ৰবিবাৰে এটা ভিডিঅ' সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে । পায়েল ৰোহটাগীক স্বাধীনতাৰ যোদ্ধা মতিলাল নেহৰুৰ ওপৰত বিতৰ্কিত মূলক ভিডিঅ' বনোৱাৰ আৰোপত গ্ৰেপ্তাৰ কৰে ৰাজস্থান আৰক্ষীয়ে। অভিনেত্ৰী গৰাকীয়ে নেহেৰু-গান্ধীৰ পৰিয়ালক লৈ ছ'চিয়েল মিডিয়াত এক বিতৰ্কিত মূলক পোষ্ট কৰিছিল যাৰ বাবে ৰাজস্থান আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক আহমেদাবাদত গ্ৰেপ্তাৰ কৰে । তাৰ পিছতেই তেওঁক ৰাজস্থানলৈ লৈ যোৱা হয়। অভিনেত্ৰী গৰাকীয়ে নিজেই এই কথা তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সাদৰি কৰিছে ।

ৰাজস্থানৰ যুৱ কংগ্ৰেছ মহাসচিৱ চাৰ্মেশ শৰ্মাই অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে বুন্দী সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল । এজাহাৰত আছিল যে পায়েল ৰোহটাগীয়ে ২১ চেপ্তেম্বৰ তাৰিখে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' প্ৰচাৰ কৰিছিল। যিটো ভিডিঅ'ত পণ্ডিত মতিলাল নেহৰু,, প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীৰ বিৰুদ্ধে আপত্তি জনক মন্তব্য কৰিছিল। বুন্দী আৰক্ষীয়ে অভিনেত্ৰী পায়েল ৰোহটাগিক আই টি এক্ট ৰ ধাৰা ৬৬-৬৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰে।

বুন্দীৰ এ চি পি মমতা গুপ্তাই কয় যে ৰাজস্থান আৰক্ষীয়ে পাছ ডিচেম্বৰ তাৰিখে পায়েল ৰোহটাগীৰ বিৰুদ্ধে নোটিছ জাৰি কৰিছিল। এই গোচৰৰ ওপৰত শুক্ৰ বাৰে শুনানি হোৱাৰ কথা আছিল । কিন্তু এয়া শুনানি নহ'ল । এটা আৰক্ষীৰ দলে শুকুৰবাৰে আহমেদাবাদত উপস্থিত হয় আৰু ৰবিবাৰে পুৱা পায়েল ৰোহটাগীক গ্ৰেপ্তাৰ কৰে। তাৰ পিছতেই পায়েল ৰোহটাগিৰ বিৰুদ্ধে আগন্তক সময়ত তদন্ত অব্যাহত থাকিব।

অভিনেত্ৰী পায়েল ৰোহটাগী গ্ৰেপ্তাৰ হোৱাৰ পিছতো প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰালয়ক টেগ কৰি টুইট কৰে । তেওঁ টুইট কৰি কয় যে ৰাজস্থান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে । তেওঁ মতিলাল নেহৰুক লৈ এক পোষ্ট শ্বেয়াৰ কৰিছিল আৰু তাৰ তথ্য সমূহ গুগলৰ পৰা সংগ্ৰহ কৰা বুলি কয় পায়েল ৰোহটাগীয়ে।

পায়েল ৰোহটাগি জন্মসূত্ৰে হায়দৰাবাদৰ যদিও তেওঁ আহমেদাবাদত থাকিয়ে ডাঙৰ দীঘল হয়। পায়েল ৰোহটাগিৰ জন্ম হায়দৰাবাদত ১৯৮৪ চনৰ ১০ নৱেম্বৰ তাৰিখে হৈছিল । পায়েল ৰোহটাগিয়ে ইতিমধ্যে ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰিছে লগতে তেওঁ মিছ ইণ্ডিয়া ত অংশ গ্ৰহণ কৰিছিল । তাৰ পিছতেই তেওঁ মুম্বাইত থাকি নিজৰ কৰ্ম জীৱনৰ পাতনি মেলে। ইয়াৰ আগতেও পায়েল ৰোহটাগী বিতৰ্কৰ মাজলৈ আহিছিল। পায়েল ৰোহটাগিয়ে নিজকে ৰামভক্ত বুলি কয় ।

অন্য খবৰৰ বাবে পঢ়ক : হলিউডৰ ছবি xXx 4 ত বিন ডাইজেলৰ লগত আকৌ আহিব নেকি দীপিকা পাডুকনে ?

ভিডিঅ প্ৰতক্ষ্য কৰক: RTI activist Dulal Bora arrested for allegedly blackmailing Motor Vehicle Inspector in Guwahati

Next Story
চাকৰি