মনোৰঞ্জন

কামাণ্ড ৩ ৰ পিছত আহি আছে বিদ্যুৎ জামবালৰ নতুন ছবি,কেতিয়া পাব মুক্তি?

Sentinel Digital Desk

কামাণ্ড ৩ ৰ পিছত আহি আছে বিদ্যুৎ জামবালৰ নতুন ছবি,কেতিয়া পাব মুক্তি? কামাণ্ড ৩ ৰ পিছত বিদ্যুৎ জামাবাল আকৌ আহি আছে এখন নতুন ছবিৰ সতে । এইবাৰ বিদ্যুতক দেখা যাব ৰোমান্টিক ছবি "খুদা হাফিজ" ত । এইখন ছবিত তেওঁক এক অন্য ৰূপত দেখা যাব । এই ছবিখনত বিদ্যুতক প্ৰথম বাৰৰ বাবে ৰোমান্টিক চৰিত্ৰত দেখা যাব । অৱশ্যে ছবি খনৰ কাহিনী সম্পৰ্কে এতিয়ালৈ কোনো বাতৰি পোহৰলৈ অহা নাই । কিন্তু কিছুমানে কোৱা অনুসৰি এই ছবিৰ কাহিনী সঁচা কাহিনীৰ ওপৰত আধাৰিত। এই ছবি খন ২০২০ চনত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে।

"খুদা হাফিজ" ছবি খনৰ নিৰ্দেশনা কৰিছে ফাৰুক কবীৰে । তেওঁ কয় যে বিদ্যুৎ তেওঁৰ এজন অতি ভাল বন্ধু। চলচ্চিত্ৰ জগতত বন্ধুত্ব কেৱল চলচিত্ৰতে সীমাবদ্ধ থাকিব লাগে কিন্তু তেওঁৰ বিদ্যুৎ জামবালৰ সৈতে অতি ভাল সম্পৰ্ক আছে বুলি উল্লেখ কৰে ।

ফাৰুক কবীৰে কয় যে আহিবলগীয়া ছবি খনত বিদ্যুতক এক ব্যতিক্ৰমী চৰিত্ৰত দেখা যাব । এক্সনৰ সলনি তেওঁক আন এটি চৰিত্ৰত দেখা পোৱা যাব ।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি জানিব পৰা গৈছে যে এই ছবি খনত বিদ্যুৎ জামবালৰ লগত অভিনেত্ৰী শিবালিকা অবোৰয় থাকিব ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা কামাণ্ড ৩ য়ে দৰ্শকৰ অতি ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক: Media interaction held at AGP party office in Guwahati