মহাভাৰত ছবিত অভিনয় কৰিব দীপিকা পাডুকন আৰু হৃত্বিক ৰোচনে

মহাভাৰত ছবিত অভিনয় কৰিব দীপিকা পাডুকন আৰু হৃত্বিক ৰোচনে

মহাভাৰত ছবিত অভিনয় কৰিব দীপিকা পাডুকন আৰু হৃত্বিক ৰোচনে। দীপিকা পাডুকন আৰু হৃত্বিক ৰোচন বলিউডৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ছবিত একেলগে অভিনয় প্ৰদৰ্শন কৰা নাই । অৱশেষত দীপিকা পাডুকন আৰু হৃত্বিক ৰোচনক ডাঙৰ পৰ্দাত একেলগে অভিনয় প্ৰদৰ্শন কৰা দেখা যাব। আহি আছে নতুন ছবি " মহাভাৰত" ।

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ইতিমধ্যে বিভিন্ন জনপ্ৰিয় ছবি 'মস্তানী" 'পদ্মাৱতী' আদি বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ অধিক সমাদৰ লাভ কৰিছে । মস্তানী , ৰাণী পদ্মাৱতীৰ পিছত এইবাৰ দীপিকা পাডুকনক দেখা যাব দ্ৰৌপদীৰ চৰিত্ৰত। আহিবলগীয়া ছবি মহাভাৰতত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী দীপিকা পাডুকনে । জানিব পৰা মতে সম্ভৱতঃ এই ছবি খনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোচনে । এই ছবি খনত হৃত্বিক ৰোচনে 'কৃষ্ণ' ৰ চৰিত্ৰত অভিনয় কৰিব । আহিবলগীয়া মহাভাৰত নামৰ ছবি খনৰ নিৰ্দেশনা কৰিব নিতেশ তিৱাৰীয়ে।

অক্টোবৰ মাহত খবৰ প্ৰকাশ পাইছিল যে এই মহাভাৰত নামৰ ছবি খনত দীপিকা পাডুকনে অভিনয় কৰাৰ লগতে পৰিচালনা ও কৰিব । ছপাক, ৮৩ ৰ পিছত মহাভাৰত নামৰ ছবি খন দীপিকা পাডুকনৰ দ্বাৰা পৰিচালিত তৃতীয় খন ছবি। কিছুদিন পূৰ্বে দীপিকা পাডুকনে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে যে এই ছবি খনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰি তেওঁ অত্যন্ত সুখী।

এই ছবি খন চিৰিজ আকাৰত মুক্তি লাভ কৰিব। ইয়াৰ প্ৰথমাংশ ২০২১ চনৰ দিপাৱলীৰ সময়ত মুক্তি লাভ কৰিব।

বৰ্তমান দীপিকা পাডুকন তেওঁৰ আহিবলগীয়া ছবি ছপাকৰ কামত ব্যস্ত হৈ আছে। ছপাক নামৰ ছবি খন প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত। এই ছবি খন লক্ষ্মী নামৰ এগৰাকী যুৱতীৰ জীৱন সম্পৰ্কে দেখুওৱা হ'ব । এই ছবি খন এচিডৰে আক্ৰমণ কৰাৰ পিছত এগৰাকী যুৱতী কিমান কঠোৰ আৰু পৰিশ্ৰমৰ ফলত সফল হয় সেয়া দেখুওৱা হব । এই ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে মুক্তি লাভ কৰিছে । ছপাকৰ নিৰ্দেশনা কৰিছে মেঘনা গুলজাৰে। লগতে পৰিচালনা দীপিকা পাডুকনৰ । ছপাক ছবি খন মুক্তি লাভ কৰিব ২০২১ চনৰ ১০ জানুৱাৰী‌ তাৰিখে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Christmas Eve celebrated with fervour, Mid Night Mass held in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com