বলিউড খলকনি তোলা জনপ্ৰিয় ছবি "থ্ৰী ইডিয়টচ্" ৰ ১০ বছৰ পূৰ্ণ

বলিউড খলকনি তোলা জনপ্ৰিয় ছবি "থ্ৰী ইডিয়টচ্" ৰ ১০ বছৰ পূৰ্ণ

বলিউড খলকনি তোলা জনপ্ৰিয় ছবি "থ্ৰী ইডিয়টচ্" ৰ ১০ বছৰ পূৰ্ণ । বলিউডৰ জনপ্ৰিয় ছবি থ্ৰী ইডিয়টচৰ আজি ১০ বছৰ পূৰ্ণ হ'ল । এই ছবি খন ২০০৯ চনৰ ২৫ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল। এই ছবি খনত আমিৰ খান, আৰ মাধৱন , কৰীণা কাপুৰ, শৰমান যোচী মুখ্য ভূমিকাত অভিনয় কৰিছিল। কিন্তু এই ছবিখনত প্ৰতিটো চৰিত্ৰৰে বিশেষত্ব আছিল । সেয়া লাগিলে চতুৰ ৰামলিংগম ( অ'মী বৈদ্য) অথবা ভাইৰাছ ( বোমান ইৰাণী )নহওক কিয় । কিছুদিন আগেয়ে বোমান ইৰাণীয়ে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে কয় যে তেওঁ নিজেও ভবা নাছিল যে "ভাইৰাছ" নামৰ চৰিত্ৰটো দৰ্শকে আদৰি ল'ব। তেওঁৰ এই ছবি খন অতিকৈ প্ৰিয় বুলি উল্লেখ কৰে। বলিউডৰ জনপ্ৰিয় ছবি থ্ৰী ইডিয়টচৰ নিৰ্দেশনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । ছবি খনৰ সংগীত শান্তনু মৈত্ৰাৰ । লগতে এই ছবি খনে ৪৬০ কোটি টকা আয় কৰিছিল।

থ্ৰী ইডিয়টচ নামৰ ছবি খনত তিনিজন যুৱকৰ শিক্ষাজীৱনৰ ওপৰত নিৰ্ধাৰিত আছিল। লগতে ইয়াত দেখুওৱা হৈছিল যে কিতাপৰ জ্ঞানে যথেষ্ট নহয়।ইচ্ছা শক্তি প্ৰসৰ হলে মানুহে সফলতা লাভ কৰিব পাৰে । এই ছবি খনত আমিৰ খানৰ লগতে তেওঁৰ দুই বন্ধুই ইঞ্জিনিয়াৰিং ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু কৰিণা কাপুৰে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।

আপুনি জানেনে ? থ্ৰী ইডিয়টচৰ পিছত ৪ ইডিয়টছো মুক্তি লাভ কৰিছিল। কিন্তু এইখন ছবি এনিমেটেড ছবি আছিল । এই ছবি খন বলিউডৰ ছবি থ্ৰী ইডিয়টচৰ পৰা প্ৰেৰিত আছিল ।‌ বিশ্বৰূপ ৰায় চৌধুৰীয়ে নিৰ্দেশনা কৰিছিল এনিমেটেড ছবি ৪ ইডিয়টচৰ । এই ছবি খনৰ কাহিনী পাপু নামৰ এজন ল'ৰাৰ ওপৰত নিৰ্ধাৰিত। এই ছবি খনত থ্ৰী ইডিয়টচৰ চৰিত্ৰ অ'মি বৈদ্যও তেওঁৰ কণ্ঠস্বৰ প্ৰদান কৰিছিল। এই ছবি খন ল'ৰা ছোৱালীক সজাগতা কৰাৰ বাবে নিৰ্মান কৰা হৈছিল। এই ছবি খনৰ দ্বাৰা দৰ্শকলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে শিশুৱে নিজৰ বুদ্ধি সত্তা ব্যৱহাৰ কৰি যি কোনো সফলতা লাভ কৰিব পাৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Christmas Eve celebrated with fervour, Mid Night Mass held in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com