৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আয়ুস্মান খুৰানা আৰু বিকি কোছলক শ্ৰেষ্ঠ অভিনেতা বঁটা

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আয়ুস্মান খুৰানা আৰু বিকি কোছলক শ্ৰেষ্ঠ অভিনেতা বঁটা

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আয়ুস্মান খুৰানা আৰু বিকি কোছলক শ্ৰেষ্ঠ অভিনেতা বঁটা। আজি ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ আয়োজন কৰা হৈছে । য'ত চলচ্চিত্ৰ জগতৰ তাৰকা সমূহক বাচনি কৰি পুৰষ্কৃত কৰা হয় । এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানটিত বলিউডৰ বিগ বি অমিতাভ বচ্চনো উপস্থিত থকাৰ কথা আছিল কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ এই অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকে।

তদুপৰি এই কথা বিগ বিয়ে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে জনাই যে তেওঁ শাৰীৰিক ভাৱে অসুস্থ যাৰ বাবে যাত্ৰা কৰাৰ অনুমতি নাই । লগতে তেওঁ কয় যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত তেওঁ উপস্থিত থাকিব নোৱাৰে। এয়া অতি দুৰ্ভাগ্যজনক বুলি কয় বিগ বি অমিতাভ বচ্চনে। জানিব পৰা মতে অমিতাভ বচ্চনক এই অনুষ্ঠানত দাদ চাহেব ফাল্কে বঁটাৰ বাবে সন্মানিত কৰা কথা আছিল ।

উপৰাষ্ট্ৰপতি ভেংকিয়া নাইডুৱে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত সকলক পুৰস্কৃত কৰে । এই অনুষ্ঠানটিত "পদ্মাৱত" নামৰ ছবি খনত "ঘূমৰ" নামৰ গীতটি শ্ৰেষ্ঠ কৰিঅ'গ্ৰফাৰ বঁটা লাভ কৰিছে। তদুপৰি সঞ্জয় লীলা বঞ্চালীৰ পদ্মাৱত নামৰ ছবি খনক শ্ৰেষ্ঠ সংগীতৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে ।

শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে আয়ুস্মান খুৰানাই অন্ধাধুন নামৰ ছবি খনৰ বাবে আৰু বিকি কোচলেও শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে উৰি নামৰ ছবি খনৰ বাবে । শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কীৰ্তি সুৰেশ ( মহানতী, তেলেগু) য়ে লাভ কৰে । লগতে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে সুৰেশ সিকৰীয়ে বধাই হো নামৰ ছবি খনৰ বাবে।

এই অনুষ্ঠানত প্ৰদান কৰা আন বঁটা সমূহ হ'ল-

শ্ৰেষ্ঠ হিন্দী ছবি- অন্ধাধুন

শ্ৰেষ্ঠ পপুলাৰ ছবি- বধাই হো

শ্ৰেষ্ঠ অভিনেতা - আয়ুস্মান খুৰানা, বিকি কোচল

শ্ৰেষ্ঠ অভিনেত্ৰী- কীৰ্তি সুৰেশ (মহানতী, তেলেগু)

শ্ৰেষ্ঠ সহযোগী অভিনেতা- শিবানন্দ কিৰকিৰে( চুম্বক)

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- সুৰেখা সিকৰী ( বধাই হো)

শ্ৰেষ্ঠ নিৰ্দেশনা- আদিত্য ধৰ ( উৰি)

শ্ৰেষ্ঠ ডেব্যু নিৰ্দেশনা- সুধাকৰ ৰেড্ডী ( নাল, মাৰাঠী)

শ্ৰেষ্ঠ কণ্ঠশিল্পী(পুৰুষ) - অৰজিত সিং ( পদ্মাৱত)

শ্ৰেষ্ঠ কণ্ঠশিল্পী ( মহিলা)- বিন্দু মালীনী

শ্ৰেষ্ঠ গীত - বিন্তে দিল ( পদ্মাৱত)

শ্ৰেষ্ঠ সংগীত পৰিচালনা- সঞ্জয় লীলা বঞ্চালী ( পদ্মাৱত)

শ্ৰেষ্ঠ সহযোগী কণ্ঠশিল্পী- সাস্বত সজদেৱা ( উৰি)

শ্ৰেষ্ঠ চাইণ্ড ডিজাইন- বিশ্বদ্বীপ দীপক ( উৰি)

শ্ৰেষ্ঠ স্পেচিয়েল ইফেক্ট - কে জি এফ আৰু এৱে

শ্ৰেষ্ঠ কৰিঅ'গ্ৰফাৰ - ক্ৰুটি মহেশ ( ঘুমৰ , পদ্মাৱত)

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com