Begin typing your search above and press return to search.

ডবং ৩ ছবি খনৰ পৰা আঁতৰ কৰা হ'ব এই বিতৰ্কিত দৃশ্যাংশ‌ সমূহ

ডবং ৩ ছবি খনৰ পৰা আঁতৰ কৰা হব এই বিতৰ্কিত দৃশ্যাংশ‌ সমূহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2019 12:25 PM GMT

ডবং ৩ ছবি খনৰ পৰা আঁতৰ কৰা হ'ব এই বিতৰ্কিত দৃশ্যাংশ‌ সমূহ।‌ ছলমান‌ খানৰ আগন্তুক ছবি ডবং ৩ ৰ পৰা সেই সকলো সমূহ দৃশ্যাংশ আঁতৰ কৰা হ'ব যাৰ বাবে ছবি খন‌ বিবাদৰ সন্মুখীন হৈছিল। ছলমান খানৰ প্ৰডাকচন হাউছে এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে যি সমূহ দৃশ্যাংশক লৈ বিবাদ হৈছিল সেই সমূহ আঁতৰ কৰা হ'ব । অৰ্থাৎ ডবং ৩ ছবি খনৰ "হুৰ হুৰ ডবং" গানটোৰ পৰা সাধু সন্তৰ দৃশ্যাংশ সমূহ আঁতৰ কৰা হ'ব ।

দৰাচলতে ডবং ৩ ৰ গান, ট্ৰেইলৰ, আদি ইতিমধ্যে মুক্তি লাভ কৰিছে । এই ছবি খনৰ সকলো ভিডিঅ' আদিয়ে দৰ্শকৰ যথেষ্ট খনি সমাদৰ লাভ কৰিছে । কিন্তু ছবি খনৰ এটা গানৰ কিছু দৃশ্যাংশক লৈ সমালোচনাৰ সন্মুখীন হৈছিল ডবং ৩ । গানটোৰ কিছু দৃশ্যক‌লৈ হিন্দু জন জাগ্ৰিতি সমিতীয়ে বিৰোধ কৰিছিল। তেওঁলোকে কৈছিল যে সাধু সন্তৰ হাতত গীটাৰ লৈ নৃত্য কৰা দৃশ্য শোভা নাপায়।

তেতিয়া সেই সম্পৰ্কে ছবি নিৰ্মাতা সকলে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল ।

https://twitter.com/SKFilmsOfficial/status/1207317283544027138

কিন্তু এতিয়া ছবি নিৰ্মাতা আৰু প্ৰডাকচনে কৈছে যে বিতকৃত হোৱা দৃশ্যাংশ‌ সমূহ আঁতৰাই দিয়া হ'ব ।

এই গীতটোৰ কৰিঅ'গ্ৰাফ শাবিনা খানে কৰিছিল । তেওঁ এই সন্দৰ্ভত কৈছিল যে গীতটোত নৃত্য কৰা সাধু কেইজন প্ৰকৃত সাধু নহয় । তেওঁলোকে কেৱল সাধুৰ ৰূপত নৃত্য কৰিছে ।

কিন্তু এতিয়া ছলমান খানৰ ডবং ৩ ত বিতকৃত কোনো ধৰনৰ দৃশ্য দেখুওৱা নহব । উল্লেখযোগ্য যে ছবি খন ২০ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব । এই ছবি খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ছলমান খানে । লগতে সোনাক্ষী সিহ্না, আৰবাজ খান আছিল লগতে আন বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় প্ৰদৰ্শন কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : কা- ৰ বিৰোধিতা কৰা ফৰহান আখটাৰক ট্ৰ’ল ৰ চেষ্টা, দিলে প্ৰত্যুত্তৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Thousands of protesters join AASU to protest against CAA 2019 in Nalbari

Next Story
চাকৰি