কা- ৰ বিৰোধিতা কৰা ফৰহান আখটাৰক ট্ৰ'ল ৰ চেষ্টা, দিলে প্ৰত্যুত্তৰ

কা- ৰ বিৰোধিতা কৰা ফৰহান আখটাৰক ট্ৰ'ল ৰ চেষ্টা, দিলে প্ৰত্যুত্তৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সমগ্ৰ ৰাজ্য জুৰি চলি আছে । ৰাজ্যসভা আৰু লোকসভাত আইন খন গৃহীত হোৱাৰ পিছত আৰু অধিক বৃদ্ধি পাইছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। এই আন্দোলন ৰাজ্যতে সীমাবদ্ধ নাথাকি সমগ্ৰ দেশত বিয়পি পৰিছে । শিল্পী সমাজ, ছাত্ৰ সমাজ, সমগ্ৰ জনগণৰ লগতে বলিউডৰ অভিনেতা অভিনেত্ৰীও মাত মাতিছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰাৰ ওপৰত এজন টুইটাৰ ব্যৱহাৰ কাৰীয়ে জলন্ত ট্ৰেইনৰ এটা ভিডিঅ'ত ফৰহান আখটাৰ, জাভেদ আখটাৰ, আৰু শাৱান আজমীক টেগ কৰি ট্ৰ'ল কৰাৰ চেষ্টা কৰে। তাৰ পিছতেই সেই পোষ্টটোত অভিনেতা ফৰহান আখটাৰেও প্ৰত্যুত্তৰ দিয়ে।
https://twitter.com/FarOutAkhtar/status/1206038549037891585
দৰাচলতে এটা টুইটাৰ একাউণ্টত কা- ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত এখন ৰেলত জুই লগাই ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল । লগতে টুইটাৰ ব্যৱহাৰ কাৰী গৰাকীয়ে লিখিছিল যে , " হেল্ল' ফৰহান আখটাৰ, জাভেদ আখটাৰ আৰু শাৱান আজমী , যাওক আৰু নিজৰ কম' ৰ মানুহক কওক যে তেওঁলোকে যাতে মোৰ দেশৰ সম্পত্তি নষ্ট নকৰে । যেতিয়ালৈকে প্ৰদৰ্শন কাৰী সকলক গ্ৰেপ্তাৰ নকৰে আৰু মাৰি মাৰি নীলা আৰু কলা ৰং নাহে তেতিয়ালৈ যাতে নাকান্দে ।"
সাধাৰণতে ফৰহান আখটাৰে তেওঁৰ ওপৰত হোৱা ট্ৰ'ল সমূহ প্ৰত্যাখ্যান কৰে । কিন্তু এই ট্ৰ'ল টোত তেওঁ প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় যে, " মই ডেভিদ ধাৱনক অনুৰোধ কৰিম যে তেওঁ যাতে "বিগত নং ১" ৰ বাবে তোমাক লয় । কিয়নো সেই অংশটোৰ বাবে তুমি একদম ঠিক আছা " । ফৰহান আখটাৰৰ এই উত্তৰটোত বহু লোকে সমৰ্থন কৰিছে যদিও আন বহুতে বিৰোধিতা কৰিছে ।
নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত ছবি নিৰ্মাতা মহেশ ভট্টই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে সময় আহি গৈছে যে আমি সকলোৱে একলগ হৈ জনাব লাগে যে এই দেশ খন সকলোৰে হয় ।
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহু অভিনেতা অভিনেত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দীয়া মিৰ্জা , সোনাক্ষী সিহ্না, হুমা কুৰেশী, ৰাজকুমাৰ ৰাও , ৰিতেশ দেশমুখ আদিকে ধৰি আন বহুতো অভিনেতা অভিনেত্ৰীয়ে এই আইন খনৰ বিৰোধিতা কৰিছে ।
অন্য খবৰৰ বাবে পঢ়ক : অৰ্জুন কাপুৰে অভিনেত্ৰী মলাইকা অড়োৰাক ছ’চিয়েল মিডিয়াত কৰিলে ট্ৰ’ল
ভিডিঅ প্ৰতক্ষ্য কৰক: Thousands of protesters join AASU to protest against CAA 2019 in Nalbari