মনোৰঞ্জন

'কফি উইথ কৰন'ত চৌনম কাপুৰ,ৰিহা কাপুৰ আৰু হৰ্ষবৰ্ধন কাপুৰ

Sentinel Digital Desk

দিপীকা-আলিয়া,জাহ্নৱী-অৰ্জুন কাপুৰৰ পিছত ছবি প্ৰযোজক কৰন জহৰৰ জনপ্ৰিয় ৰিয়েলিটী অনুষ্ঠান 'কফি উইথ কৰন-৬" ৰ এইবাৰৰ অতিথি হ'ব বলীউডৰ অন্যতম মোহময়ী চৌনম কাপুৰ । চৌনম কাপুৰৰ সৈতে অনুষ্ঠানটি অতিথি হিচাপে উপস্থিত থাকিব চৌনম কাপুৰৰ ভগ্নী আৰু ভায়েক ক্ৰমে ৰিহা কাপুৰ আৰু হৰ্ষবৰ্ধন কাপুৰ

ইয়াৰোপৰি অনুষ্ঠানত চৌনমৰ স্বামী আনন্দ আহুজাও বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ সম্ভাৱনা আছে যদিও এই কথাৰ ওপৰত কোনো মন্তব্য প্ৰদান কৰা নাই অভিনেত্ৰী গৰাকীয়ে । কিন্তু প্ৰথম বাৰৰ বাবে এই ৰিয়েলিটী অনুষ্ঠানত চৌনমৰ সৈতে ভগ্নী ৰিহা আৰু ভায়েক হৰ্ষবৰ্ধনক একেলগে দেখা পোৱা যাব ।

আমি সকলোৱে জানো চৌনমৰ বিবাহৰ পিছতে মুক্তি পোৱা "বীৰে দ্যি ৱেডিং"ৰ পিছত পৰবৰ্ত্তী "এক লড়কী কো দেখা তো এইচা লাগা" ছবিত দেখা পোৱা যাব । উল্লেখযোগ্য যে ছবি খনত চৌনমৰ সৈতে অভিনয় কৰিব পিতৃ অনিল কাপুৰে লগতে থাকিব ৰাজকুমাৰ ৰাও আৰু জুহি চাওলা । আনহাতে ভায়েক হৰ্ষবৰ্ধনে অলিম্পিক বিজয়ী অভিনৱ বিন্দ্ৰাৰ বায়'পিকত অভিনয় কৰিব ।