মনোৰঞ্জন

হেপ্পী বাৰ্থ ডে' বিৰাট: কোহলিৰ জন্মদিন উপলক্ষে অনুষ্কাৰ বিশেষ শুভেচ্ছা

Sentinel Digital Desk

ভাৰতীয় ক্ৰিকেট দলৰ কেপ্পেইন বিৰাট কোহলী আৰু বলীউডৰ মোহময়ী অনুষ্কা শৰ্মাই বিশেষ কোনো দিনত সুন্দৰভাৱে সজাই তুলি সেই দিনটো অধিক বিশেষ কৰি তোলাৰ এটাও সুবিধা এৰি নিদিয়ে । আজি বিৰাটৰ ৩০ সংখ্যক জন্মদিন, সেয়ে বিৰাটৰ সকলো অনুৰাগীয়ে অপেক্ষা কৰি আছে যে,অনুষ্কা শৰ্মাই বিৰাটৰ জন্মদিনৰ বাবে বহু তৈয়াৰী কৰা আৰু চ'চিয়েল মিডিয়াত প্ৰকাশিত ফটোৰ বাবে অপেক্ষা কৰি আছে ।

আৰু এইটো সঁচা কথা যে আজি বিৰাট জন্মদিন আৰু তাৰ বাবে অনুষ্কাই বিশেষ কিবা এটা নকৰাকৈ নাথাকে । বিৰাটৰ এই বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তুলিবলৈ অনুষ্কাই পোন প্ৰথমে চ'চিয়েল মিডিয়াৰ যোগেদি শুভেচ্ছা জ্ঞাপন কৰে । অনুষ্কাই বিৰাটৰ জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰোতে নিজৰ চ'চিয়েল মিডিয়া একাউণ্টত নিজৰ আৰু বিৰাটৰ দুখন সুন্দৰ চেল্ফী প্ৰকাশ কৰে আৰু কেপছন লিখে;"এঁওৰ জন্মৰ বাবে ভগৱান আপোনাক ধন্যবাদ"(Thank God for his birth) ।

https://www.instagram.com/p/BpyWWkAnWTL/

গুৰুত্বপূৰ্ন কথা এইটো যে,বিৰাট আৰু অনুষ্কা অলপতে দেহৰাদুন গৈছিল আৰু খবৰ পোৱা অনুসৰি ৭ নৱেম্বৰলৈ দুয়ো হৰিদ্বাৰত থাকিব । ইয়াৰ লগতে দুয়োৱে ঋষিকেশত ৰিভাৰ ৰাফটিং আৰু কেম্পেনিং কৰিব । যোৱা বছৰৰ ডিচেম্বৰ মাহত এই দুয়োগৰাকী তাৰকাই বিবাহ পাশত আৱদ্ধ হয় । বিৰাটৰ এই বিশেষ দিনটোৰ বাবে অশেষ শুভেচ্ছা জ্ঞাপন ।

ইয়াৰোপৰি অনুষ্কাক দেখা পোৱা যাব শ্বাহৰুখ খানৰ "জিৰ' ছবিত । ছবি খন মুক্তি পাব ২০১৮চনৰ ২১ ডিচেম্বৰত আনহাতে,বিৰাটৰ টি-২০ ইণ্টাৰনেশ্যনেল চিৰিজৰ ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত হোৱা ৩ খন খেলৰ পিছত ৪ নৱেম্বৰত জিৰনি(ব্ৰেক) লয় ।