শীৰ্ষ বাতৰি

ইটালীৰ আৰু ১৫জন পৰ্যটক ক’ৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ

Sentinel Digital Desk

ইটালীৰ আৰু ১৫জন পৰ্যটক ক’ৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ

ভাৰত ভ্ৰমণলৈ অহা ইটালীৰ আৰু ১৫জন পৰ্যটক মাৰাত্মক ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। সম্প্ৰতি দিল্লীত এই পৰ্যটককেইজনক চিকিৎসা প্ৰদান কৰি থকা হৈছে।উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজস্থানৰ জয়পুৰত ইটালীৰে এজন পৰ্যটকৰ দেহত ক’ৰ’নাভাইৰাছৰ উপস্থিতি ধৰা পৰে। সম্প্ৰতি তেওঁ জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাৰ পাছতে তেওঁৰ পত্নীৰ দেহতো ক’ৰ’নাভাইৰাছৰ উপস্থিতিৰ লক্ষণে দেখা দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁকো চিকিৎসাধীন কৰা হৈছে। দম্পতীহালক সুকীয়াকৈ চিকিৎসালয়ৰ আছুতীয়া কক্ষত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইয়াকে লৈ আতংক বিৰাজ কৰি থকাৰ সময়তে দিল্লীত থকা ইটালীৰ আন ১৫জন পৰ্যটক ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰোন্ত হোৱা বুলি সন্দেহ কৰা হৈছে। এইসকল পৰ্যটক একেটা পৰ্যটক দলৰে সদস্য-সদস্যা। ইতিমধ্যে আটাইকেইজনক আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান তথা তেওঁলোকৰ নমুনাৰ অধিক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰে আগ্ৰাতো ছজন লোক ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে ভাৰতত বৰ্তমানলৈকে ছজন লোক ক’ৰ’নাভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। দেশৰ প্ৰথমজন ক’ৰ’নাভাইৰাছ আক্ৰান্ত কেৰালাৰ আছিল। কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত যোৱা ২০ ফেব্ৰুৱাৰীত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। সম্প্ৰতি তেওঁ সুস্থ। আনহাতে, শেহতীয়া তথ্য অনুসৰি ক’ৰ’নাভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগত সমগ্ৰ বিশ্বত এই পৰ্যন্ত কমেও তিনি হেজাৰ লোক মৃত্যুমুখত পৰিছে। এই দুৰ্ভগীয়াসকলৰ অধিকাংশই চীনৰ আছিল। ইয়াকে লৈ প্ৰায় সমগ্ৰ বিশ্বজুৰি আতংক বিৰাজ কৰি আছে। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ক’ৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াভাবে বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ভ্ৰমণ পৰামৰ্শাৱলী (ট্ৰেভেল এডভাইজৰী)ৰ সংশোধন ঘটাইছে।

এই সংশোধিত ভ্ৰমণ পৰামৰ্শাৱলী অনুসৰি ইৰাণ, জাপান, ইটালী আৰু দক্ষিণ কোৰিয়াৰ পৰ্যচকৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা আৰোপ কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে এই সংশোধিত ভ্ৰমণ পৰামৰ্শাৱলীৰ জড়িয়তে স্পষ্ট কৰি দিছে যে অহা ১০ ফেৰ্বুৱাৰীলৈকে উক্ত দেশসমূহৰ পৰা অহা পৰ্যটকসকলক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰি যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। ইতিমধ্যে অসম তথা উত্তৰ-পূবতো ক’ৰ’নাভাইৰাছৰ আতংক বিয়পি পৰিছে। কিছুদিন পূৰ্বে মণিপুৰত ছজন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হয় যদিও নমুনা পৰীক্ষাৰ পাছত তেওঁলোকৰ চাৰিজনৰ দেহত ছোৱাইন ফ্লুৰ ভাইৰাছহে ধৰা পৰে।