শীৰ্ষ বাতৰি

এনআৰচিৰ ১৯৫১ ভিত্তি বৰ্ষৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Sentinel Digital Desk

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এনআৰচিৰ ভিত্তি বৰ্ষ ১৯৫১ চন লোৱাটো উচিত নহয়। কাৰণ ৰাজ্যৰ কিছুমান ক্ষেত্ৰত ১৯৫১ বৰ্ষ প্ৰযোজ্য নহয়। আনহাতে দেওবাৰে লোক জাগৰণ মঞ্চই এনআৰচিক লৈ এখন সংবাদ মেল আয়োজন কৰিছিল ৷ইয়াৰ পিছতেই সোমবাৰে দিছপুৰত এখন সংবাদ মেল আয়োজন কৰি এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

১৯৭১ চনৰ ২৫ মাৰ্চক অসম চুক্তিৰ ভিত্তি বৰ্ষ হিছাপে সকলোৱে স্বীকাৰ কৰি লৈছে ৷অৱশ্যে এনআৰচিৰ পৰাোএক বৃহৎ সংখ্যক স্বদেশী লোক বাদ পৰিছে ৷গতিকে গৃহ মন্ত্ৰ্যালয়ে সেই সকলো ভাৰতীয়ৰ কাৰণে সমীক্ষা সমিতি তৈয়াৰ কৰিব লাগে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰক সৰ্বানন্দ সোনোৱাল চৰকাৰ শাসনলৈ অহাৰ পিছত কিমান বিদেশী বহিস্কাৰ হ’ল তাৰ ওপৰত শ্বেত পত্ৰৰ দাবী কৰে।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:NFR promotes Clean India initiative of ‘Swachhta Hi Seva’ in Assam