Begin typing your search above and press return to search.

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এনআৰচিৰ ন্যায়িক তদন্তৰ দাবী

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এনআৰচিৰ ন্যায়িক তদন্তৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2019 4:20 AM GMT

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত এক ন্যায়িক তদন্ত বিচাৰিছে। তৰুণ গগৈয়ে শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে বহু স্বদেশী লোকৰ নামেৰে চূড়ান্ত এনআৰচি তৈয়াৰ হোৱা নাই। গতিকে প্ৰশ্ন হয় বহু সংখ্যক স্বদেশী লোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণে কোন দোষী? ইফালে এই ক্ষেত্ৰত প্ৰাথমিক তদন্ত কৰাৰ কথাও উল্লেখ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে। আৰু যিসকলৰ নাম অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সূচীত অন্তৰ্ভূক্তি নহল ৷সেইসকলৰ নাম পুনঃনিৰীক্ষণ নকৰাকৈ অন্তঃভূক্তি কৰিব লাগে। গগৈয়ে লগতে কয় যে মোৰ বিশ্বাস যে ৰাজ্যত ১০ লাখতকৈ অধিক বিদেশী আছে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

তৰুণ গগৈয়ে কয় যে অসমৰ বিজেপিয়ে যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত বিৰোধ কৰে তেন্তে কেন্দ্ৰই এই সন্দৰ্ভত পুনৰ বিচাৰ কৰিব ।লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মেঘালয়,মিজোৰাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰশংসা কৰে যিসকলে নেডাৰ চতুৰ্থ অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

আনহাতে গগৈয়ে কয় যে আমাৰ মুখ্যমন্ত্ৰী গগৈ এই ক্ষেত্ৰত মমৰ মূৰ্তিৰ দৰে থাকিল। আৰু অমিত শ্বাহৰ কথাত হয়ভৰ দিয়াহে দেখা গ’ল ৷ অসম চুক্তিৰ লগত জৰিত থকাৰ পিছতো অতুল বৰাই এই সন্দৰ্ভত কোনো মন্তব্য নকৰিলি । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাও শাসনত থকাৰ কাৰণে একো মন্তব্য নকৰিলে।

যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো মূল্য নাথাকিব ৷এনআৰচিৰ ক্ষেত্ৰত ভিত্তি বৰ্ষ হিছাপে কৰা হৈছে ১৯৭১ চনৰ ২৫ মাৰ্চ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাৰণে লোৱা হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰ। উল্লেখ্য যে এনআৰচি প্ৰকাশৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক এক সাধাৰণ কাগজ বুলি মন্তব্য কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক: আমছুৰ কাৰণে এনআৰচিৰ কামত বিলম্ব:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ভিডিঅ প্ৰতক্ষ্য কৰক:Union Minister DV Sadananda Gowda addresses media in Namrup

Next Story
চাকৰি