আমছুৰ কাৰণে এনআৰচিৰ কামত বিলম্ব:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

আমছুৰ কাৰণে এনআৰচিৰ কামত বিলম্ব:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে অসমত এনআৰচিৰ প্ৰকাশ পোৱাত পলম হোৱাৰ কাৰণে আমচুক দোষী সাব্যস্ত কৰিছে ৷দেওবাৰে গুৱাহাটীৰ ৰাজ্যিক ভৱনত এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে যিখন এনআৰচি প্ৰকাশ কৰা হ’ল সেয়া মূল্যহীন। ৰাজ্যৰ প্ৰায় ৮০ শতাংশ লোকে এনআৰচিক খাৰিজ কৰিছে ।

সাম্প্ৰতিক সদয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে যে তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী গ্ৰহণ কৰিছে নে নাই। কাৰণ কিছুমান বিজেপি নেতাই এনআৰচিৰ সন্দৰ্ভত বিশেষ মন্তব্য দি আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে কয় যে ১৯ লাখ মানুহক এনআৰচিত অন্তৰ্ভূক্ত হোৱাৰ কাৰণে আযোগ্য বুলি চিনাক্ত কৰা হৈছে ৷তেওঁলোকক বিদেশী বুলিও কোৱা নাই। যদি , তেওঁলোক বিদেশী নহয় তেন্তে তেওঁলোক কিহৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণলৈ যাব।

এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এনআৰচিৰ কামত পলম হোৱাৰ একমাত্ৰ দোষী আমছু। কাৰণ বৰপেটাৰ ঘটনাটোত আমচু জৰিত হৈ আছিল। যাৰ কাৰণে বৰপেটাত এনআৰচিৰ পাইলট প্ৰজেক্টত প্ৰভাৱ পৰিছিল ৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাও এই সংবাদ মেলত উপস্থিত আছিল ৷ তেওঁ কয় যে চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকল বিদেশী ন্যায়াধীকৰণলৈ স্থানান্তৰিত কৰিব লাগে।

চৰকাৰক সকলোৰে কাৰণ এটা নিৰ্দিষ্ট সময় সীমা বান্ধি দিব লাগে । লগতে বিদেশী ন্যায়াধীকৰণৰ সময় ৬০ দিনৰ পৰিৱৰ্তে ১২০ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তক আদৰি লয় ৰিপুন বৰাই। অৱশ্যে ১২০ দিনৰ এই সময় কেতিয়া আৰম্ভ হ’ব ৷এই সম্পৰ্কত দিছপুৰে সিদ্ধান্ত ল’ব লাগে । ১০০০ খন বিদেশী ন্যায়াধীকৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও এতিয়ালৈ মাত্ৰ ৩০০ খন ন্যায়াধীকৰণ কাৰ্যকৰী হৈছে ৷ গতিকে ১৯ লাখতকৈ অধিক লোকৰ সমস্যা সীমিত সময়ত কেনেকৈ দূৰ কৰিব বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি জন ৷ উল্লেখ্য যে এই সংবাদ মেলখনত দেবব্ৰত শইকীয়াও উপস্থিত আছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC Final List: AASU addresses Media | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com