শীৰ্ষ বাতৰি

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীত আৰু ২০টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

কামৰূপ(মহানগৰ)জিলাত এনে কণ্টেইনমেণ্ট মণ্ডলৰ সংখ্যা ৮০টালৈ বৃদ্ধি পাইছে

Sentinel Digital Desk

গুৱাহাটীৰ আৰু ২০টা স্থান ক'ৰ'না কণ্টেনমেণ্ট জ'নৰূপে ঘোষিত হ'ল ৷ কাৰণ এই স্থানসমূহত ক'ৰ'না মহামাৰী আক্ৰান্ত চিনাক্ত হৈছে ৷ কামৰুপহানগৰ)জিলা প্ৰশাসনে নতুনকৈ ক'ৰ'না কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰা এই স্থানসমূহ হ'লঃ

১) শান্তিনগৰ, ২) ইটাভাটা( ধীৰেণপাৰা), ৩) শংকৰনগৰ (উদালবাক্ৰা, ৪) বামুণপাৰা, ৫) দামোদৰনগৰ (বেতকুচি), ৬) ধীৰেণপাৰা-৩, ৭) কল'নী বজাৰ (কাহিলিপাৰা), ৮) এ কে আজাদৰোড (ৰিহাবাৰী), ৯) কে চি সেন ৰোড (পল্টনবজাৰ), ১০) আশ্ৰমৰোড (উলুবাৰী), ১১) দেৱেন শৰ্মা ৰোড, ১২)বিষ্ণুপুৰ, ১৩) আঠগাঁও-৪, ১৪) গোপীনাথনগৰ (বীৰুবাৰী-২), ১৫) ফেৰীঘাট কল'নী (পাণ্ডু), ১৬) বিমলানগৰ (বিষ্ণুপুৰ), ১৭) গজেন কলিতা পথ, ১৮) কুমাৰাপাৰা.১৯) আঠগাঁও-৩, ২০) লতাশিল ।

উল্লেখ্য যে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে বিধি অনুসৰি প্ৰশাসনে ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত চিনাক্তৰ পাছত সংশ্লিষ্ট স্থানক কণ্টেইনমেণ্ট মণ্ডলৰূপে ঘোষণা কৰে। সম্প্ৰতি কামৰূপ(মহানগৰ)জিলাত এনে কণ্টেইনমেণ্ট মণ্ডলৰ সংখ্যা ৮০টালৈ বৃদ্ধি পাইছে। ইপিনে, আজি ১৬জুনৰ পৰা ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত বৃহৎ পৰিসৰত আৰম্ভ হৈছে ক'ৰ'নাৰ নমুনা পৰীক্ষণ ৷ এই উদ্দেশ্যে মহানগৰীৰ বিভিন্ন স্থানত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ চিনাক্ত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় নমুনা সংগ্ৰহৰ বাবে কেতবোৰ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ উল্লেখ্য যে ভ্ৰমণ ইতিহাস নথকা তথা ৰাজ্য বা দেশৰ বাহিৰলৈ নোযোৱা মহানগৰীৰ ২৫জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰ দ্বাৰা গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ জন-সমষ্টিগত সংক্ৰমণ বা কম্যুনিটী ট্ৰান্সমিছন আৰম্ভ হোৱাৰ আশংকা প্ৰকট হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ৰ'না সংক্ৰমণ চিনাক্তকৰণৰ উদ্দেশ্যে নমুনা পৰীক্ষণৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন স্থানত ১২টা কেন্দ্ৰ মুকলি কৰিছে ৷ এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " নমুনা পৰীক্ষণৰ সুবিধা সহজ কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে ৷