শীৰ্ষ বাতৰি

সুস্থ হ'লঃ পুনৰ কৰ্তব্যত যোগদান ২০গৰাকী ক'ৰ'নাত আক্ৰান্ত আৰক্ষীৰ

Sentinel Digital Desk

সুস্থ হৈ পুনৰ কৰ্তব্যত যোগদান কৰিছে অসম আৰক্ষীৰ ২০গৰাকী ক'ৰ'না মহামাৰীত আক্ৰান্ত বিষয়া-কনিষ্টবলে। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান(আইন-শৃংখলা)জি পি সিঙে এই তথ্য সদৰী কৰি টুইটাৰত কয় যে আজিলৈকে ক'ৰ'না মহামাৰীত ৭২৬গৰাকী বিষয়া-কনিষ্টবল আক্ৰান্ত হৈছে।ইয়াৰে ৩৫০গৰাকী সুস্থ হৈছে।আনহাতে, এজনৰ মৃত্যু হৈছে। এ ডি জি পি সিঙে প্ৰকাশ কৰা অনুসৰি ৭৭৮গৰাকী আৰক্ষী বিষয়া-কনিষ্টবল কোৱাৰেণ্টিনত আছে। সুস্থ হোৱাত পুনৰ ২০গৰাকীয়ে কৰ্তব্যত যোগদান কৰিলে বুলি তেওঁ সদৰী কৰিছে।

ইপিনে, গুৱাহাটীৰ বশিষ্ট আৰক্ষী থানাত নিয়োজিত দ্বিগজ্যোতি ইংতি নামৰ এজন উপ-পৰিদৰ্শক ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।তেওঁৰ পত্নীৰ শৰীৰতো ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ক'ৰ'না পজিটিভ হোৱাৰ লগে লগে উপ-পৰিদৰ্শক ইংতিক সোণাপুৰৰ ক'ৱিড-১৯ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বিগত কিছুদিন ধৰি তেওঁ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত আছিল।  সেয়েহে তেওঁ নমুনা পৰীক্ষা কৰোৱায়।