শীৰ্ষ বাতৰি

পোলেণ্ডত দ্বিতীয়টো সোনৰ পদক জয় অসম কন্যা হিমা দাসৰ

Sentinel Digital Desk

এক সপ্তাহতে দ্বিতীয়টো সোনৰ পদক জয় অসম কন্যা হিমা দাসৰ। পোলেণ্ডত অনুষ্ঠিত কুটন’ এথলেটিক্ছ মিটত পুনৰ বাৰ স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে হিমা দাস। মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে হিমা দাসে। হিমা দাসে ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থানত দখল কৰে ।

৪ জুলাই, মঙলবাৰে পজনান এথলেটিক্ছ গ্ৰেণ্ড প্ৰিক্সতো স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল হিমা দাসে ।ভাৰতৰ আন এজন খেলুৱৈ তাজিন্দ্ৰ পল সিঙ তৰে ব্ৰঞ্জৰ পদক লাভ কৰে।অসম কন্যা হিমা দাস বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু ৪০০ মিটাৰত ৰাষ্ট্ৰীয় পদক লাভ কৰা হিমা দাসে পিঠিৰ বিষ নেওচি মহিলাৰ ২০০ মিটাৰ ৰেচত সোনৰ পদক লাভ কৰিছিল ।

হিমা দাসৰ ব্যক্তিগত সৰ্বোচ্চ স্কৰ ২৩.১০ ছেকেণ্ড । পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰত হিমা দাসে ২৩.৬৫ ছেকেণ্ডত অতিক্ৰম কৰিছিল।এছিয়ান চেম্পিয়নশ্বিপ টুৰ্নামেণ্টত ভাৰতীয় খেলুৱৈ সকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

পাটিয়ালাত অনুষ্ঠিত ফেডাৰেশ্যন কাপত ৫২,৮৮ ছেকেণ্ডত ৪০০ মিটাৰ অতিক্ৰম কৰি জয়ী হবলৈ সক্ষম হৈছিল হিমা দাস । দ্বিতীয় স্হানত ক্ষান্ত আছিল এম আৰ পুভাম্মা । কৰ্ণাটকা এম আৰ পুভাম্মাই ৫৩,১৫ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি দ্বিতীয় স্থানত থাকে । আনহাতে গুজৰাটৰ শ্বাৰিটা বেনে ৫৩,২৩ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি তৃতীয় স্থান দখল কৰে ।

ভাৰতৰ তাৰকা এথলীট অসম কন্যা হিমা দাসে আকৌ এবাৰ দেশলৈ কঢ়িয়াই আনিছে সন্মান। পিঠিৰ বিষ নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছে ধিং এক্সপ্ৰেছ খ্যাত হিমাই।