শীৰ্ষ বাতৰি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক

Sentinel Digital Desk

বুধবাৰে নতুন দিল্লীত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই ( the register general of India, RGI ) ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত এক সমীক্ষা মূলক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠক খনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ আগত দুটা প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱ দুটা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নয়ন অব্যাহত ৰখা আৰু আধাৰ পদ্ধতিৰ নথি পত্ৰ সুৰক্ষিত কৰাৰ পক্ষত উত্থাপন কৰা হয় ।

আৰ জি আই ৰ লগত হোৱা এই বৈঠক খনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী 'ৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাই দিয়া প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয় । এই আলোচনা ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলা আৰু অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপস্থিতত কৰা হয় ।‌

এই বৈঠকত আৰ জি আই বিবেক যোশীয়ে ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক তেওঁ উত্থাপন কৰা প্ৰস্তাৱ দুটা প্ৰথমতে অসম চৰকাৰলৈ প্ৰেৰন‌ কৰিবলৈ কয় । অসম চৰকাৰে প্ৰস্তাৱ দুটা তদন্ত কৰিব আৰু তাৰপিছত আৰু জি আইলৈ সেই একেই প্ৰস্তাৱ প্ৰেৰণ কৰিব ।

এই বৈঠক খনত উপস্থিত থাকে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সম্পাদক আষুটোচ অগ্নিহোত্ৰিৰ লগতে আন বহুতো চৰকাৰী বিষয়া । বিশেষকৈ , ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী 'ৰ সম্পূৰ্ণ ৰূপে প্ৰকাশ হোৱাৰ আগতে উচ্চতম ন্যায়ালয়ে অসমৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক আধাৰ কাৰ্ডৰ দৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথি পত্ৰ ও সুৰক্ষিত কৰি ৰখাৰ কথা কৈছে ।

তাৰপিছতেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাই এপেক্স কোৰ্টত নাগৰিকৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দিবলৈ অনুমতি প্ৰদান কৰে ।

২০১৯ চনৰ ১৩ আগষ্ট‌ তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়ধীশ ৰোহিন্টন ফালি নৰিমনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক নিৰ্দেশ দিয়ে যে আধাৰ কাৰ্ডৰ নথি পত্ৰ প্ৰদান কৰাৰ সময়ত এক যথাযথ শাসন প্ৰনয়ন কৰিব লাগে । তাৰপিছত অন্তৰ্ভুক্ত আৰু বহিৰ্ভুত নাগৰিকৰ নামৰ তালিকা ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াত উপলব্ধ হ'ব লাগিব ।

কমেও ৩,৩০,২৭,৬৬১ মানুহে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আৱেদন দাখিল কৰিছিল আৰু তাৰ ভিতৰত ৩,১১,২১,০০৪ জন মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হয় । আনহাতে ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা ১৯,০৬,৬৫৭ জন‌ মানুহৰ নাম বাদ পৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP protest over Citizenship Amendment Bill in Nagaon