শীৰ্ষ বাতৰি

ক’ৱিড-১৯ লকডাউনঃ ১০ দিনীয়া ৰাজ্যিক পৰ্যায়ৰ সাহায্য অভিযান ঘোষণা আছুৰ

Sentinel Digital Desk

ক’ৱিড-১৯ লকডাউনঃ ১০ দিনীয়া ৰাজ্যিক পৰ্যায়ৰ সাহায্য অভিযান ঘোষণা আছুৰ

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধ(লকডাউন)ৰ সময়ছোৱাত বহু লোক বিশেষকৈ অৰ্থনৈতিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকল সমস্যাৰ সন্মুখীন হৈছে। সম্প্ৰতি এইসকল লোকক সহায়ৰ হাত আগবঢ়াবলৈ মনস্থ কৰিছে সদৌ অসম ছাত্ৰ সন্থা(আছু)ই।সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পদক লুৰিণজ্যোতি গগৈয়ে প্ৰকাশ কৰা অনুসৰি আছুৱে ৰাজ্যিক সাহায্য অভিযান নামেৰে এক আঁচনি লৈছে।এই আঁচনিৰ অধীনত ৰাজ্যৰ সকলো স্থানৰ আছু কৰ্মীয়ে চৰকাৰী কোনো আঁচনিয়ে সামৰি লোৱা দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰিব। এই আঁচনিৰ অধীনত আছুৱে আজি বৃহস্পতিবাৰৰ পৰা একেৰাহে ১০ দিনৰ বাবে দৰিদ্ৰ লোকৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰিব বুলি ছাত্ৰ সন্থাৰ নেতাদ্বয়ে জনায়। খাদ্য-সামগ্ৰী বিতৰণৰ সময়ত আছু কৰ্মীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নীতি-নিয়ম আখৰে আখৰে মানি চলিব বুলিও আছুৱে নেতাদ্বয়ে প্ৰকাশ কৰে। আছু নেতাদ্বয়ে লগতে কয়,“ লক-ডাউনৰ ফলত দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা লোকসকল গভীৰ সমস্যাৰ সন্মুখীন হৈছে। লক-ডাউনৰ বৃদ্ধিৰ ফলত এই শ্ৰেণীৰ লোকৰ সমস্যা অধিক বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এই ১০দিনীয়া সাহায্য অভিযান কাৰ্যসূচী হাতত লৈছো। ইতিমধ্যে আমি খাদ্য-সামগ্ৰী বিতৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ সকলো জিলা আৰু আঞ্চলিক সমিতিলৈ নিৰ্দেশনা জাৰি কৰিছো”।আনহাতে, আছু নেতাদ্বয়ে অভিযোগ কৰে যে একাংশ গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু গাঁওবুঢ়াই দৰিদিৰ লোকৰ মাজত চৰকাৰী সাহায্য সামগ্ৰী সঠিকভাবে বিতৰণ কৰা নাই। উল্লেখ্য যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকক সকাহ প্ৰদানৰ উদ্দেশ্য কেতবোৰ সাহায্য আঁচনি গ্ৰহণ কৰিছে। ইপিনে, অসমত সম্প্ৰতি ক’ৰ’না মহামাৰী আক্ৰান্তৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পাইছে। আজি এজন ৰোগী চিনাক্ত হয়। এই ৰোগীজন ধুবুৰী জিলাৰ বিলাসীপাৰাৰ। টুইটাৰত এই কথা সদৰী কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ ধুবুৰীৰ বিলাসীপাৰাৰ এজন ব্যক্তি ক’ৱিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। গুৱাহাটীৰ আঠগাঁৱৰ মছজিদৰ ধৰ্মীয় অনুষ্ঠানৰ সৈতে সম্পৰ্ক থকা এজন ব্যক্তিৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। এই ব্যক্তিজন ক’ৰ’না আক্ৰান্তৰূপে চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পায়”। উল্লেখ্য যে অসমত ক’ৰ’না মহামাৰীৰ দ্বাৰা আক্ৰান্তসকলৰ কমেও ১২ জন সুস্থ হৈছে। ইতিমধ্যে বহুকেইজনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, অসমত চিনাক্ত ক’ৰ’না আক্ৰান্তসকলৰ অধিকাংশৰে যোৱা মাহত দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহৰ জামাতৰ সৈতে সম্পৰ্ক আছে।