মণিপুৰ : ক’ৱিড-১৯বিৰোধী যোদ্ধাসকলক সাহায্য প্ৰদান মাও সম্প্ৰদায়ৰ

মণিপুৰ : ক’ৱিড-১৯বিৰোধী যোদ্ধাসকলক সাহায্য প্ৰদান মাও সম্প্ৰদায়ৰ

মণিপুৰ : ক’ৱিড-১৯বিৰোধী যোদ্ধাসকলক সাহায্য প্ৰদান মাও সম্প্ৰদায়ৰ। ক’ৱিড-১৯মহামাৰীয়ে সৃষ্টি কৰা সাম্প্ৰতিক সংকটৰ সময়ত বিশ্বৰ প্ৰায় সকলো লোকে এজনে আনজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে।

এই মহান লক্ষ্য আগত ৰাখি মণিপুৰত মাও নাগৰিক সমাজ সংগঠনে মঙ্গলবাৰে ৰাজ্যখনত মহামাৰী ক’ৱিড-১৯ৰ বিৰোধী যোদ্ধা তথা চিকিৎসক , নাৰ্ছ আৰু আন স্বাস্থ্যকৰ্মীসকলৰ লগতে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকা সকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ এক শুভ ত্ৰাণ মিছন আৰম্ভ কৰিছে।‌

সেনাপতি জিলাস্থিত এই নাগৰিক সমাজত মাও কাউন্সিল, মাও ষ্টুডেন্টছ ইউনিয়ন , আৰু মাও নগা মহিলা কল্যাণ বিভাগ অন্তৰ্ভুক্ত আছে । এই সংগঠন সমূহে আৰ আই এম এছ আৰু জে এন আই এম এছ চিকিৎসালয়ত ক’ৱিড-১৯বিৰোধী যোদ্ধাসকলক ঘৰুৱা শাক-পাচলি যোগান ধৰি সহায়ৰ হাত আগবঢ়ায়।

এই মিছনে চিকিৎসা কৰ্মীসকল সম্পৰ্কে কয় যে স্বাস্থ্যকৰ্মীসকলে ক’ৱিড-১৯ৰোগীৰ চিকিৎসাৰ বাবে নিজৰ ঘৰৰ পৰা দূৰৈত আছে । লগতে ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজ দিওঁতে নিজৰ জীৱনৰ প্ৰতিও কুণ্ঠাবোধ কৰা নাই।

মণিপুৰৰ দুজন ক’ৱিড-১৯ৰ ৰোগীক সফলতাপূৰ্ণ চিকিৎসা আৰু তেওঁলোকক এই মহামাৰীৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে সংশ্লিষ্ট চিকিত্সকসকললৈ সংগঠনকেইটাই এক কৃতজ্ঞতা জনায়।

ৰাজ্যখনত অন্তিম ক’ৱিড-১৯ পজিটিভ ব্যক্তি আছিল থৌবাল জিলাৰ ৫৩ বছৰীয়া এগৰাকী ব্যক্তি। লোকজনৰ একেৰাহে দুটা নমুনা পৰীক্ষাত নিগেটিভ অহাৰ পিছত তেওঁক সুস্থ বুলি চিকিত্সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ।

তাৰ পাছতেই মণিপুৰ ক’ৱিড-১৯মুক্ত ৰাজ্যত পৰিণত হয় । উল্লেখ্য যে ২২ এপ্ৰিলৰ পৰা ৰাজ্য খনত কোনো নতুন পজিটিভ ব্যক্তি ওলোৱা নাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com