আমেৰিকাত ক’ৰ’নাৰ সংহাৰৰ বৰ্ণনা দিলে কেলিফ’ৰ্ণিয়াৰ বাসিন্দা অসমৰ গীতিয়ে

আমেৰিকাত ক’ৰ’নাৰ সংহাৰৰ বৰ্ণনা দিলে কেলিফ’ৰ্ণিয়াৰ বাসিন্দা অসমৰ গীতিয়ে

আমেৰিকাত ক’ৰ’নাৰ সংহাৰৰ বৰ্ণনা দিলে কেলিফ’ৰ্ণিয়াৰ বাসিন্দা অসমৰ গীতিয়ে

আমেৰিকাত ক’ৰ’না মহামাৰীত মৃতৰ সংখ্যাই সম্প্ৰতি ৪০ হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত চৌদিশে একপ্ৰকাৰ কান্দোনৰ ৰোল উঠিছে। এনেদৰে পৰিস্থিতি ক্ৰমে অধিক শোচনীয় হৈ পৰিছে। এনে বিপজ্জনক পৰিস্থিতিৰ মাজতে অসমৰ তথা ভাৰতৰ বহু লোকে আমেৰিকাত বাস কৰি আছে। এইসকল ভাৰতীয়ৰ অন্যতম হ’ল অসমৰ জীয়াৰী গীতি বৰগোহাঁই। তথ্য-প্ৰযুক্তিৰ বৃত্তিধাৰী গুৱাহাটীৰ গীতি সম্প্ৰতি কৰ্মসূত্ৰে আমেৰিকাৰ সাংস্কৃতিক ৰাজধানীস্বৰূপ কেলিফ’ৰ্ণিয়াৰ বাসিন্দা। ৩০ বছৰীয়া এই মেধাৱী যুৱতীগৰাকীয়ে কেলিফ’ৰ্ণিয়াৰ প্লীজাণ্টনত বাস কৰে। সম্প্ৰতি ক’ৰ’না মহামাৰীৰ এই ভয়ংকৰ প্ৰাদুৰ্ভাবৰ মাজত গীতিয়ে আহৰণ কৰা এই অভাৱনীয় অবিজ্ঞতাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। তেওঁ কয়, যিকোনো সময়তে পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটাৰ আশংকা আছে। পৰিস্থিতি ক্ৰমে জটিলৰ পৰা জটিল হৈ গৈ আছে। এই ভাইৰাছৰ বিভীষিকাই জীৱনৰ প্ৰতিটো স্তৰক স্পৰ্শ কৰিছে। চীনৰ উহানত প্ৰাদুৰ্ভাব ঘটা এই ভাইৰাছ মাথোঁ কিছুদিনৰ ভিতৰতে প্ৰায় সমগ্ৰ বিশ্বলৈ বিয়পি পৰিল। প্ৰথমাৱস্থাত মই এই মহামাৰী সাধাৰণ ফ্লুৰ লেখীয়া হব বুলি ধাৰণা কৰিছিলো। উহানত এই ভাইৰাছৰ প্ৰথম প্ৰাদুৰ্ভাবৰ পাছত আমাৰ ইয়াত জীৱনযাত্ৰা স্বাভাৱিক আছিল। আমি নিয়মীয়া ৰুটিন অনুসৰি কাম-কাজ অব্যাহত ৰাখিছিলো”। আনহাতে, তেওঁ কয় যে মাৰ্কিন প্ৰশাসনে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰোতে কিছু পলম হল। সম্প্ৰতি দেশখনত মহামাৰীজনিত পৰিস্থিতি একপ্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰত। প্ৰথম অৱস্থাত স্বাস্থ্য পৰীক্ষাও হোৱা নাছিল। অথচ বহু লোক এই মহামাৰীত আক্ৰান্ত হৈছিল। “ আমি প্ৰতিটো মিনিটেই শংকা-আতংকৰ মাজেৰে পাৰ কৰিছো। কেতিয়া কি হয়, কোনেও কব নোৱাৰে। সকলো লোকেই সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ লৈছে। আচলতে পৰিস্থিতি আমি কল্পনা কৰাতকৈ বহু গুণে জটিল। অৰ্থনীতিত এই মহামাৰীয়ে মাধমাৰ সোধাইছে। অৰ্থনীতিৰ অৱস্থা অধিক শোচনীয় হোৱাৰ আশংকা আছে। নিতৌ নতুন নতুন লোক আক্ৰান্ত হৈছে আৰু সংক্ৰমণ বৃদ্ধি পাই আছে। গতিকে পৰিস্থিতিৰ দ্ৰত অৱনতি ঘটিছে”, গীতিয়ে এইদৰে কয়। তেওঁ আৰু কয় যে সম্প্ৰতি তেওঁ ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম কৰি আছে। এই জটিল পৰিস্থিতিৰ কেতিয়া অৱসান ঘটিব, তাৰ কোনো নিশ্চয়তা নাই। তথ্য—প্ৰযুক্তিৰ পেছাদাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰৰ পৰা কাৰ্যালয়ৰ কাম কৰাৰ সুযোগ বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াক লৈ নিজকে সৌভাগ্যবানৰূপে বিবেচনা কৰে বুলিও তেওং কয়। গীতিয়ে লগতে কয় যে এনে ভয়ংকৰ ৰূপ ধাৰণ কৰা সংক্ৰামক মহামাৰী নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ পক্ষে সহজ নহয়। গতিকে সকলোৱেই চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com