মেঘালয়: বজ্ৰপাতত পশ্চিম খাচী পাহাৰত দুজনৰ মৃত্যু, তিনিজন আহত

মেঘালয়: বজ্ৰপাতত পশ্চিম খাচী পাহাৰত দুজনৰ মৃত্যু, তিনিজন আহত

মেঘালয়: বজ্ৰপাতত পশ্চিম খাচী পাহাৰত দুজনৰ মৃত্যু, তিনিজন আহত। ক’ৰ’না মহামৰীৰ বিভীষিকাৰ মাজতে এক দুৰ্ভাগ্য জনক ঘটনাত মঙ্গলবাৰে মেঘালয়ৰ পশ্চিম খাচী পাহাৰত দুজন লোকৰ অকাল মৃত্যু ঘটাৰ লগতে আন তিনিজন আহত হয়। খাচী পাহাৰৰ মাউকাদিয়াং গাঁৱত বজ্ৰপাতৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু তিনিজন‌ আহত হয়।

মৃত লোককেইজনক পশ্চিম খাচী পাহাৰৰ মাউকাদিয়াং গাঁৱৰ নিৱাসী ফুলদাৰিছ মাৰ্বিন ( ৪০), হৰবি জিৰৱা ( ২০ ) বুলি চিনাক্ত হৈছে। লগতে আহত ব্যক্তি কেইজন হলমান মাৰৱেন, থালিয়েন মাৰৱেন, আৰু ৰেইনটিফুল বুলি জানিব পৰা গৈছে।‌আটাইকেইজন একেখন গাঁৱৰে বাসিন্দা।

সূত্ৰ অনুসৰি, দুৰ্ভাগ্যজনক ঘটনাটো মঙ্গলবাৰে দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয়। ঘটনাৰ সময়ত লোককেইজনে পথাৰত কাম কৰি আছিল।

ঘটনাৰ পিছতে গাঁৱৰ মুখীয়াল ঘটনাস্থলিত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে ।‌ ৫ জন ব্যক্তিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দুজনৰ মৃত্যু হয় আৰু আন তিনিজনক ননগছটেন অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি লোক কেইজন চিকিৎসকৰ তত্বাৱধানত আছে।

এই ধুমুহা‌ বতাহে অঞ্চলটোৰ বিভিন্ন অঞ্চলত ক্ষতি সাধন কৰে আৰু প্ৰায় বিভিন্ন ঠাইৰ ৬৫ টা ঘৰৰ ক্ষতি সাধন হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com