Begin typing your search above and press return to search.

নতুনকৈ এজন পজিটিভ চিনাক্তঃ অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৫লৈ বৃদ্ধি

নতুনকৈ এজন পজিটিভ চিনাক্তঃ অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৫লৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2020 7:13 AM GMT

নতুনকৈ এজন পজিটিভ চিনাক্তঃ অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৫লৈ বৃদ্ধি

বিশ্বজুৰি সংহাৰ চলোৱা ক’ৰ’না মহামাৰীৰ দ্বাৰা আক্ৰান্ত অসমত আৰু এজন ৰোগী চিনাক্ত হৈছে। ফলত ৰাজ্যত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৫জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয়, “ ধুবুৰীৰ বিলাসীপাৰাৰ এজন ব্যক্তি ক’ৱিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। গুৱাহাটীৰ আঠগাঁৱৰ মছজিদৰ ধৰ্মীয় অনুষ্ঠানৰ সৈতে এজন ব্যক্তিৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। এই ব্যক্তিজন ক’ৰ’না আক্ৰান্তৰূপে চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পায়”। উল্লেখ্য যে অসমত ক’ৰ’না মহামাৰীৰ দ্বাৰা আক্ৰান্তসকলৰ কমেও ১২ জন সুস্থ হৈছে। ইতিমধ্যে বহুকেইজনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, অসমত চিনাক্ত ক’ৰ’না আক্ৰান্তসকলৰ অধিকাংশৰে যোৱা মাহত দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহৰ জামাতৰ সৈতে সম্পৰ্ক আছে।

অন্য খবৰৰ বাবে পঢ়ক: অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি