শীৰ্ষ বাতৰি

ক'ৰ'না নিগেটিভ হ'ল অভিষেক বচ্চন, হাস্পাতালৰ পৰা ঘৰলৈ

Sentinel Digital Desk

কিছুদিন পূ্ৰ্বে ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱা অভিনেতা অভিষেক বচ্চন সুস্থ হৈছে। শেহতীয়া নমুনা পৰীক্ষাত অভিনেতাজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰ পৰা নাই। সেই সূত্ৰে তেওঁ হাস্পতালৰ পৰা ঘৰমুৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'না পজিটিভ হোৱাৰ পাছত অভিষেক মুম্বাইৰ বিখ্যাত নানাৱতী হাস্পতালত ভৰ্তি হয়। কিছুদিন চিকিত্সাধীন হৈ থকাৰ পাছত তেওঁ সুস্থ হয়।

শেহতীয়া নমুনা পৰীক্ষাত ক'ৰ'না নিগেটিভ হোৱাৰ তথ্য প্ৰকাশ কৰি অভিনেতাজনে টুইটাৰত কয় যে তেওঁ সুস্থ হৈছে। তেওঁ নানাৱতী হাস্পতালৰ চিকিত্সক আৰু স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জনায়। উল্লেখ্য যে অভিষেকৰ পিতৃ তথা মেগাষ্টাৰ অমিতাভ বচ্চনো ক'ৰ'নাত আক্ৰান্ত হৈছিল। সম্প্ৰতি তেৱোঁ সুস্থ। যোৱা ২ আগষ্টত তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।