শীৰ্ষ বাতৰি

পথ দুৰ্ঘটনাত ভাতৃৰ মৃত্যুৰ পিছত পথৰ সুৰক্ষাৰ বাবে ককায়েকে ব্যয় কৰিলে ১৫ লাখ টকা

Sentinel Digital Desk

ভাতৃৰ ভয়াবহ পথ দুৰ্ঘটনাৰ পাছত ককায়েকে পথ সুৰক্ষা ব্যৱস্থাৰ বাবে ব্যয় কৰিলে ১৫ লাখ টকা । ২০১২ চনৰ ২২ ডিচেম্বৰত তন্ময় পেনদেচৰ ভাতৃ অক্ষয় পেনদেচ, তেওঁৰ দুবছৰীয়া পুত্ৰ আৰু জেষ্ঠ অভিনেতা আনন্দ অভ্যায়ঙৰ পুনে-মুম্বাই এক্সপ্ৰেছৱেত ভয়াবহ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল । বিপৰীত দিশৰ পৰা দ্ৰুত গতিত আহা ট্ৰাক এখনে ভূল দিশৰ পৰা আহি খুন্দিয়াই দিছিল । এই ভয়াবহ দুৰ্ঘটনাত সকলো থিতাতে নিহত হৈছিল ।

মৰমৰ ভাতৃ আৰু তেওঁৰ পৰিয়ালক হেৰুৱাই দুখত ভাগি পৰিছিল ককায়েক। এই ঘটনায়ে পুনে এই জন যুৱকৰ জীৱন সলনি কৰি দিছিল । পথৰ সুৰক্ষা ব্যৱস্থা, আন্তঃগাঁথনি আৰু চলাচল কৰা নীতিৰ ওপৰত অভিযোগ দাখিল কৰাৰ পৰিবৰ্তে পথৰ সুৰক্ষা ব্যৱস্থাৰ বাবে নিজে ব্যবস্থা গ্ৰহণ কৰে ।

যোৱা ৬ বছৰত এক্সপ্ৰেছৱে নিৰ্মাণ পক্ৰিয়াত প্ৰায় ১৫ লাখতকৈও অধিক ব্যয় কৰিছে । পথ নিৰ্মাণৰ কৰ্তৃপক্ষৰ সৈতে সফলতাৰে পথ নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপৰ পাছতে প্ৰত্যেক বছৰে দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ।

এই সন্দৰ্ভত তন্ময়ে প্ৰকাশ কৰে যে, মোৰ ভতিজা আৰু ভাতৃ দুৰ্ঘটনাত নিহত হোৱাৰ পাছত আন সকলোৰে দৰে চৰকাৰক যথেষ্ট সমালোচনা কৰিছিলো। তাৰ পাছতে সমস্যাৰ সমাধানৰ কথা চিন্তা কৰে । সেয়েহে এই পদক্ষেপ গ্ৰহণ কৰে বুলি প্ৰকাশ কৰে ।

১৮ মাহতকৈ অধিক সময়ত তেওঁ যথেষ্ট পথ সুৰক্ষা ব্যৱস্থাৰ বিশেষজ্ঞক লগ কৰিছিল । লগতে বহুতো ৰাজনৈতিক নেতা, আৰক্ষী বিষয়াক লগ কৰি আলোচনা কৰিছিল । আনহাতে এক্সপ্ৰেছৱেত ১০০০ বাৰৰো অধিকবাৰ নিজে গৈছিল। তাৰ পিছত প্ৰায় ২০০ পৃষ্ঠাজোৰা ৰিপোৰ্ট তৈয়াৰ কৰিছে । বিভিন্ন ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টৰ ৰিপোৰ্ট অধ্যয়ন কৰি এই ৰিপোৰ্ট তৈয়াৰ কৰিছিল । তন্ময়ৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাই প্ৰশংসা কৰিছে ।