শীৰ্ষ বাতৰি

বাংলাদেশৰ পৰা অহা সকলো লোকেই ভাৰতীয় : মমতা বেনাৰ্জী

Sentinel Digital Desk

বাংলাদেশৰ পৰা অহা সকলো লোকেই ভাৰতীয় : মমতা বেনাৰ্জী

নাগৰিকত্ব(সংশোধনী) আইন, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) আদিক কেন্দ্ৰ কৰি দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে যে বাংলাদেশৰ পৰা ভাৰতলৈ অহা সকলো লোকেই ভাৰতীয়। পশ্চিমবংগৰ লগতে অসমৰো বহু দশক ধৰা বিদেশী প্ৰব্ৰজনৰ সমস্যাক কাৰ্যতঃ আওকাণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তৃণমূল কংগ্ৰেছৰো মুৰব্বী মমতাই মঙলবাৰে কালিঘাটত এখন ৰাজহুৱা সভাত ভাষণ দি কয় যে বাংলাদেশৰ পৰা পশ্চিমবংগলৈ অহা যিসকল লোকে ভোটদান কৰি আছে, তেওঁলোক সকলোৱেই ভাৰতীয়। এইসকলে নতুনকৈ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে।

উল্লেখ্য যে অসমৰ দৰে পশ্চিমবংগও বাংলাদেশীৰে ভৰি পৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰি আহিছে। মমতা তথা তৃণমূল কংগ্ৰেছে মুছলমান তুষ্টিকৰণৰ ৰাজনীতি কৰা বুলিও বিজেপিয়ে অভিযোগ উত্থাপন কৰি আহিছে। এনেদৰে মমতাই সংখ্যালঘু ভোটবেংকৰ ৰাজনীতি কৰা বুলি বিজেপি প্ৰায়ে সৰব হৈ আহিছে। আনহাতে, নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদ চলি থকাৰ সময়ত উত্তৰ-পূব দিল্লীত শেহতীয়াভাবে সংঘটিত হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক জগৰীয়া কৰে। ৪২ জন লোকৰ প্ৰাণহানি কৰা এনেধৰণৰ ঘটনা পশ্চিমবংগত সংঘটিত হ’বলৈ তেওঁ নিদিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।পশ্চিমবংগক দ্বিতীয় দিল্লীত পৰিণত হ’বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দি তেওঁ কয়, “ বাংলাদেশৰ পৰা অহা সকলো লোকেই ভাৰতীয়।যিসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে, সেইসকলে পুনৰ নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই। আপোনালোক(ভাৰতলৈ অহা বাংলাদেশী)-এ নিৰ্বাচনত ভোটদান কৰিছে, প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিছে।

কিন্তু এতিয়া তেওঁলোকে (বিজেপি) আপোনালোক ভাৰতীয় নাগৰিক নহয় বুলি কৈছে। আপোনালোকে ভাৰতীয় নাগৰিকত্ব পুনৰ প্ৰমাণৰ প্ৰয়োজন নাই”। পশ্চিমবংগৰ পৰা এজনো লোকক বিতাড়ন কৰিবলৈ নিদিয়ে বুলিও মমতাই হুংকাৰ দিযে।লগতে তেওঁ মোদী চৰকাৰক কটাক্ষ কৰি কয়, “আপোনালোকে পাহৰি নাযাব যে এইখন দিল্লী নহয়, পশ্চিমবংগ। আমি পশ্চিমবংগক দ্বিতীয় দিল্লী বা উত্তৰ প্ৰদেশত পৰিণত হ’বলৈ নিদিওঁ”। লক্ষ্যণীয় যে অসমকে ধৰি দেশৰ বহু অঞ্চলত বৰ্তমানেও নাগৰিকত্ব(সংশোধনী) আইনৰ বিৰুদ্ধে .

প্ৰতিবাদ অব্যাহত আছে। উল্লেখ্য যে অহা বছৰ অসম, তামিলনাডু আৰু কেৰালাৰ সৈতে একে সময়তে পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব। এইবাৰ বিজেপিয়ে পশ্চিমবংগ দখলৰ লক্ষ্য লৈছে। এইক্ষেত্ৰত দলে নাগৰিকত্ব(সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)ক বিশেষ অস্ত্ৰৰূপে লৈছে।