Begin typing your search above and press return to search.

জি এম চি এইচৰ চিকিৎসকে লাভ কৰিব এইমছৰ চিকিৎসকৰ সমহাৰত দৰমহা - স্বাস্থ্য মন্ত্ৰী

জি এম চি এইচৰ চিকিৎসকে লাভ কৰিব এইমছৰ চিকিৎসকৰ সমহাৰত দৰমহা - স্বাস্থ্য মন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 6:12 AM GMT

জি এম চি এইচৰ চিকিৎসকে লাভ কৰিব এইমছৰ চিকিৎসকৰ সমহাৰত দৰমহা - স্বাস্থ্য মন্ত্ৰী। গুৱাহাটী চিকিৎসা মহাবিদ্যলয় আৰু হাস্পতালৰ চিকিৎসকসকলে দিল্লীৰ এইমছৰ চিকিৎসকৰ সমহাৰত দৰমহা লাভ কৰিব, কিন্তু তাৰ বাবে তেওঁলোকে প্ৰাইভেট প্ৰেকটিছ কৰিব নোৱাৰিব ।

মঙ্গলবাৰে অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয়দিনা এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় যে জি এম চি এইচৰ বিশেষজ্ঞ চিকিৎসকসকলে দিল্লীৰ মেক্স চিকিৎসালয়ৰ সমহাৰত দৰমহা লাভ কৰিব । অৱশ্যে এই সুবিধা লাভৰ বাবে চিকিৎসকসকলে প্ৰাইভেট প্ৰেকটিছ বা বাহিৰত চিকিৎসা সেৱা আগবঢ়োৱাটো বন্ধ কৰিব লাগিব।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় , " এই পদক্ষেপৰ মূল উদ্দেশ্য হ'ল জি এম চি এইচক দেশৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসালয়সমূহৰ ভিতৰত এখন‌ হিচাপে গঢ়ি তোলা । তদুপৰি যি সকল চিকিৎসকে তেওঁলোকৰ প্ৰাইভেট প্ৰেকটিছ ত্যাগ কৰিবলৈ সন্মত নহয় তেওঁলোকক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰা হ', কেৱল সেই সকলককহে ৰখা হ'ব যিয়ে দুখীয়া ৰোগীসকলক সেৱা প্ৰদান কৰাৰ বাবে সমৰ্পিত ''

ৰাজ্যত চিকিৎসকৰ সংখ্যা কম হোৱা সন্দৰ্ভত মন্ত্ৰীজনে কয় যে তথ্য মতে অসমত ৩,১৯৪ টা চিকিৎসকৰ অনুমোদিত পদ থকাৰ বিপৰীতে ১,১১৫ টা পদ খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে বছৰি ৰাজ্যখনত ছয় খন মেডিকেল কলেজৰ পৰা মাত্ৰ ৭২৬ এম বি বি এছ স্নাতক উৎপাদন হয় । তেওঁ কয় যে আকৌ এবাৰ ৰাজ্যত নতুন মেডিকেল কলেজ স্থাপন কৰাৰ সিদ্ধান্তই ৰাজ্যত কিছু পৰিমাণে চিকিৎসকৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হ'ব। তদুপৰি নগাঁও মেডিকেল কলেজৰ কাম ২০২১ ত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে শৰ্মাই ।

লগতে তেওঁ জনায় যে এম বি বি এছ চিকিৎসকসকলক কমেও এবছৰৰ বাবে গ্ৰামাঞ্চলত সেৱা আগবঢ়োৱাৰ বাবে বাধ্যতামূলক কৰা হ'ব । স্নাতকোত্তৰ ( পোষ্ট গ্ৰেজুৱেট) ছাত্ৰসকলক গ্ৰামাঞ্চললৈ যোৱাৰ বাবে বাধ্য কৰোৱা নহয় বুলি কয় স্বাস্থ্য মন্ত্ৰী শৰ্মাই। তেওঁ কয় যে যদিহে চিকিৎসকসকলে এম এছ আৰু এম ডি পাঠ্যক্ৰমৰ পিছত গ্ৰামাঞ্চলত কাম কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁলোকে ১০ লাখ টকাৰ জৰিমণা ভৰিব লাগিব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে শীঘ্ৰেই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নতুনকৈ ৫২০ জন চিকিৎসকক নিযুক্তি দিয়া হ'ব।

অন্য খবৰৰ বাবে পঢ়ক : কা- বিৰোধী প্ৰতিবাদত অংশগ্ৰহণঃ পাঁচ বিদেশী নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ

ভিডিঅ প্ৰতক্ষ্য কৰক: Almost 500 pigs die in Dhemaji! Carcasses found floating on Tongani River, Panic erupts

Next Story
চাকৰি