কা- বিৰোধী প্ৰতিবাদত অংশগ্ৰহণঃ পাঁচ বিদেশী নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ

কা- বিৰোধী প্ৰতিবাদত অংশগ্ৰহণঃ পাঁচ বিদেশী নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ

কা- বিৰোধী প্ৰতিবাদত অংশগ্ৰহণঃ পাঁচ বিদেশী নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ

সমগ্ৰ দেশ কঁপাই তোলা নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদত অংশ লোৱা পাঁচজন বিদেশী নাগৰিকলৈ বিগত সময়ত ভাৰত চৰকাৰে দেশ ত্যাগৰ নিৰ্দেশ জাৰি কৰে। নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদত অংশ লৈ ভিছাৰ নীতি-নিয়মাৱলী উলংঘা কৰাৰ অভিযোগত এই পাঁচ বিদেশী নাগৰিকলৈ ভাৰত ত্যাগৰ জাননী জাৰি কৰা হয়। মঙলবাৰে লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰাইয়ে। মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদত অংশ লৈ ভিছাৰ নীতি-নিয়মাৱলী উলংঘা কৰে এই পাঁচ বিদেশী নাগৰিকে। গতিকে তেওঁলোকলৈ ভাৰত ত্যাগৰ জাননী জাৰি কৰা হয়।

ইয়াৰে এজন বিদেশী নাগৰিক তথা আই আই টি মাদ্ৰাজৰ ছাত্ৰ জেকব লিণ্ডেলথালৰ ভিছা ভাৰত চৰকাৰে নাকচ কৰিছে। জেকব জাৰ্মানীৰ নাগৰিক।

জাৰ্মানীৰ এই ছাত্ৰজনে নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি কাৰ্যতঃ আৰক্ষীক অপৰাধী আখ্যা দি প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল।

পাছত তেওঁ প্ৰকাশ কৰা অনুসৰি জাৰ্মানীস্থিত ভাৰতীয় উচ্চায়ুক্তই যোৱা আঠ ফেব্ৰুৱাৰীত কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ তেওঁৰ ভিছা নাকচ কৰাৰ বিষয়ে অৱগত কৰে। অৱশ্য তেওঁ সফলতাৰে আই আই টি মাদ্ৰাজত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম হয়। একেদৰে ভাৰতত শিক্ষাগ্ৰহণ কৰি থকা নৰৱেৰ এগৰাকী ছাত্ৰীকো একে কাৰণতে ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হয়। জেন-মেট্টে জোহানছন নামৰ এই ছাত্ৰীগৰাকীয়ে কেৰালাৰ কোচিত যোৱা বছৰৰ ২৩ ডিচেম্বৰত নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদত অংশ লৈ ভিছাৰ নীতি-নিয়মাৱলী উলংঘা কৰাৰ অভিযোগ উত্থাপিত হয়।

পাছত তেওঁলৈ ভাৰত ত্যাগৰ জাননী জাৰি কৰা হয়। এনে কাৰণতে আনকেইজন বিদেশী নাগৰিককো ভাৰত ত্যাগৰ জাননী জাৰি কৰা হয়। ইপিনে, শেহতীয়া খবৰ অনুসৰি ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়ুক্তই নাগৰিকত্ব(সংশোধনী) আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ইয়াকে লৈ ইতিমধ্যে ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিষয়টোত হস্তক্ষেপ নকৰিবলৈ ৰাষ্ট্ৰসংঘক ভাৰত চৰকাৰে অনুৰোধ জনাইছে। আনহাতে, উক্ত আইনৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে। তদুপৰি দিল্লীত এই আইনবিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি অলপতে এলানি ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়। এই হিংসাৰ জুইত নিৰাপত্তা বাহিনীৰ লোকসহ কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱায়।

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com