নাগৰিকত্ব (সংশোধনী)আইনকলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাষ্ট্ৰসংঘ, ভাৰতৰ প্ৰতিক্ৰিয়া

নাগৰিকত্ব (সংশোধনী)আইনকলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাষ্ট্ৰসংঘ, ভাৰতৰ প্ৰতিক্ৰিয়া

নাগৰিকত্ব(সংশোধনী)আইনকলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাষ্ট্ৰসংঘ, ভাৰতৰ প্ৰতিক্ৰিয়া

বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰোধিতা কৰি সৰব হৈ উঠিছে ৰাষ্ট্ৰসংঘও। এই বিতৰ্কিত আইনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়ুক্ত।স্বাভাৱিকতে ইয়াকে লৈ ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে নাগৰিকত্ব(সংশোধনী)আইন বা ভাৰতে কাক নাগৰিকত্ব প্ৰদান কৰিব, সেয়া সম্পূৰ্ণৰূপে দেশৰ আভ্যন্তৰীণ বিষয়। নাগৰিকত্ব(সংশোধনী)আইনক লৈ ৰাষ্ট্ৰসংঘৰ এই স্থিতি সম্পৰ্কত দেশৰ বৈদেশিক মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে কয়, " আমি দৃঢ়তাৰে বিশ্বাস কৰো যে ভাৰতৰ সাৰ্বভৌমত্বক লৈ মাত মতাৰ অধিকাৰ কোনো বিদেশী পক্ষৰ নাই।আমি স্পষ্ট কৰি দিব বিচাৰো যে নাগৰিকত্ব(সংশোধনী)আইন সাংবিধানিকভাবে বৈধ আৰু এই আইনৰ সাংবিধানিক মূল্য আছে"। আনহাতে, নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বিভিন্ন স্থানত আজিও প্ৰতিবাদ অব্যাহত আছে।

যোৱা শনিবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু ৩০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ডিব্ৰুগড়ত নাগৰিকত্ব(সংশোধনী)আইনৰ প্ৰত্যাহাৰৰ দাবীত 'জনতাৰ অগ্নিকণ্ঠ'শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচী ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰূপায়ন কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশ লৈ নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। আনহাতে, সমবেত জনতাক উদ্দেশি দিয়া ভাষণত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে বৰ্তমানেও অসম তথা উত্তৰ-পূবৰ ৰাইজ বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ আছে। এই আইনবিৰোধী প্ৰতিবাদ স্তিমিত হোৱা নাই বুলি মন্তব্য কৰি আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই আৰু কয়, " শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষা চলি থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰখা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলক আমি বিদ্যায়তনিক দিশত ক্ষতি কৰিব বিচৰা নাই। পৰীক্ষা শেষ হোৱাৰ পাছত বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে পুনৰ প্ৰৱল আন্দোলন গঢ়ি তোলা হ'ব"।আন কেনেধৰণৰ নতুন গণতান্ত্ৰিক পন্থাৰে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদ আগুৱাই নিব পাৰি তাৰ বাবে তেওঁ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰে। ইপিনে, এই প্ৰতিবাদী কাৰ্যসূচীত ভাষণ দি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনে অসমলৈ ভয়াবহ সংকট নমাই আনিব।এই সংকট প্ৰতিৰোধৰ বাবে সকলো শ্ৰেণীৰ লোকে ঐক্যৱদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিব লাগিব বুলি নাথে মতপোষণ কৰে। বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনে অসম আৰু অসমীয়াৰ প্ৰতি কেনে সংকট মাতি আনিছে তাৰ ব্যাখ্যা কৰি আছুৰ সভাপতিজনে ত্ৰিপুৰাত ত্ৰিপুৰীসকল আৰু তেওঁলোকৰ ভাষাই সন্মুখীন হোৱা সংকটৰ বিষয়ে উল্লেখ কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com