Begin typing your search above and press return to search.

অনুপ্ৰাণিত কৰা মহিলাসকলৰ বাবে নাৰী দিৱসত ছ’চ্ছেল মিডিয়া ত্যাগ কৰিব মোদীয়ে!

অনুপ্ৰাণিত কৰা মহিলাসকলৰ বাবে নাৰী দিৱসত ছ’চ্ছেল মিডিয়া ত্যাগ কৰিব মোদীয়ে!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 11:29 AM GMT

অনুপ্ৰাণিত কৰা মহিলাসকলৰ বাবে নাৰী দিৱসত ছ’চ্ছেল মিডিয়া ত্যাগ কৰিব মোদীয়ে!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চ্ছেল মিডিয়া ত্যাগ কৰিব বুলি সোমবাৰে আকস্মিকভাবে কৰা ঘোষণাই দেশে-বিদেশে ব্যাপক চৰ্চা অৰ্জন কৰিছে। ছ’চ্ছেল মিডিয়া জগতত বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীসকলৰ বহুতকে চেৰ পেলাই বিপুল জনপ্ৰিয়তা অৰ্জন কৰা বহুতেই মোদীৰ এই ঘোষণাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে। আন বহু ছ’চ্ছেল মিডিয়া ব্যৱহাৰকাৰীয়ে আকৌ স-কৌতুক মন্তব্যহে কৰিছে।এনেদৰে বিষয়টোক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে মোদীয়ে ইংগিত দিছে যে তেওঁ আগন্তক আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা অহা ৮ মাৰ্চত ছ’চ্ছেল মিডিয়া ত্যাগ কৰাৰ সম্ভাৱনা আছে।অনুপ্ৰাণিত কৰা মহিলাসকলৰ বাবে তেওঁ এনে এক সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এটা টুইটত তেওঁ এই কথা প্ৰকাশ কৰি কয়, “ আমাক জীৱন আৰু কাম-কাজেৰে অনুপ্ৰাণিত কৰা মহিলাসকলৰ বাবে এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱসত মই ছ’চ্ছেল মিডিয়া ত্যাগ কৰিম। ইয়ে তেওঁলোকক কোটি কোটি লোকক সত্ কৰ্মৰ কৰাৰ বাবে উদ্ধুদ্ধ কৰিবলৈ অনুপ্ৰাণিত কৰিব”। উল্লেখ্য যে মোদীয়ে পূৰ্বে কৰা ঘোষণা অনুসৰি তেওঁ ফে’চবুক, টুইটাৰ, ইউটিউব আদি সকলো ছ’চ্ছেল মিডিয়া ত্যাগ কৰিব।

মোদীয়ে টুইটাৰযোগে এই ঘোষণা কৰাৰ লগে লগে ছ’চ্ছেল মিডিয়াত আলোড়ন উঠে। মোদীৰ ছ’চ্ছেল মিডিয়া ত্যাগ সম্পৰ্কত বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াবলৈ ধৰে। উল্লেখ্য যে দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনা সৃষ্টিত ছ’চ্ছেল মিডিয়াই মুখ্য ভূমিকা পালন কৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে। আনহাতে, একাংশ গৱেষকৰ তথ্য অনুসৰি ছ’চ্ছেল মিডিয়াৰ জড়িয়তে অনেক ভুৱা বা মিছা খবৰ বিয়পে। এনে ভুৱা খবৰে বহু সময়ত সংঘৰ্ষৰ সূত্ৰপাত ঘটাই আহিছে। এক গৱেষণা অনুসৰি প্ৰায় প্ৰতিজন ব্যক্তিয়েই দিনটোত একাধিকবাৰ ছ’চ্ছেল মিডিয়াত ভুৱা খবৰৰ মুখামুখি হয়। আনহাতে, বহুতে ছ’চ্ছেল মিডিয়াত আপত্তিজনক মন্তব্য কৰে।

ছ’চ্ছেল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীক সাঙুৰি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত অলপতে কাছাৰ আৰক্ষীয়ে এজন অধ্যাপকক গ্ৰেপ্তাৰ কৰে। কেৱল সেয়াই নহয়, দেশৰ বিভিন্ন স্থানত মাজে-সময়ে এনে বহু লোক গ্ৰেপ্তাৰ হ’বলগীয়া হৈ আহিছে।আনহাতে, ছ’চ্ছেল মিডিয়াই সংঘৰ্ষ সৃষ্টিত অৰিহণা যোগোৱা বুলি সন্দেহ কৰা দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৱলীত কমেও ৪২জন লোকে প্ৰাণ হেৰুৱায়। মৃতসকলৰ মাজত এজন আৰক্ষী বিষয়া, এজন কনিষ্টবল আৰু এজন চোৰাংচোৱা বিষয়াও আছে। এনে পৰিস্থিতি সৃষ্টিৰ বাবে ছ’চ্ছেল মিডিয়াসমূহৰ কৰ্তৃপক্ষ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : দেশজুৰি আতংক: ৰাজস্থানত ধৰা পৰিল ক’ৰ’নাভাইৰাছ আক্ৰান্ত ইটালীৰ পৰ্যটক

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Next Story