Begin typing your search above and press return to search.

দেশজুৰি আতংক: ৰাজস্থানত ধৰা পৰিল ক’ৰ’নাভাইৰাছ আক্ৰান্ত ইটালীৰ পৰ্যটক

দেশজুৰি আতংক:  ৰাজস্থানত ধৰা পৰিল ক’ৰ’নাভাইৰাছ আক্ৰান্ত ইটালীৰ পৰ্যটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 9:08 AM GMT

দেশজুৰি আতংক: ৰাজস্থানত ধৰা পৰিল ক’ৰ’নাভাইৰাছ আক্ৰান্ত ইটালীৰ পৰ্যটক

দেশজুৰি ক’ৰ’নাভাইৰাছৰ আতংক বিৰাজ কৰি থকাৰ সময়তে ৰাজস্থানত এজন বিদেশী পৰ্যটকৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছে। অলপতে ভাৰত ভ্ৰমণলৈ অহা এই বিদেশী পৰ্যটকজন হ’ল ইটালীৰ। সম্প্ৰতি তেওঁক জয়পুৰৰ এছ এম এছ মেডিকেল হাস্পতালত চিকিত্সা প্ৰদান কৰি থকা হৈছে। ক’ৰ’নাভাইৰাছ আক্ৰান্ত(ক’ভিড-১৯) এই বিদেশী পৰ্যটকজনক উক্ত চিকিত্সালয়ৰ অকলশৰীয়াকৈ ৰাখি চিকিত্সা প্ৰদান কৰি থকা হৈছে। এটা ২০জনীয়া বিদেশী পৰ্যটকৰ দলৰ অন্যতম হৈছে ইটালীৰ এই ক’ৰ’নাভাইৰাছ আক্ৰান্ত লোকজন। পৰ্যটকৰ দলটোৱে ৰাজস্থানৰ উদয়পুৰৰ এখন হোটেলত আশ্ৰয় লৈছিল। তেনে অৱস্থাতে যোৱা ২৮ ফেব্ৰুৱাৰীৰ নিশা এই পৰ্যটকজন শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু কাহত আক্ৰান্ত হয়। লগে লগে তেওঁক ফৰ্টিছ হাস্পতালত ভৰ্তি কৰা হয়। পাছত তাৰ পৰা তেওঁক জয়পুৰস্তিত এছ এম এছ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। তাত তেওঁক জৰুৰীকালীন কক্ষ(আই চি ইউ)ত ভৰ্তি কৰি চিকিত্সাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে প্ৰথমলানি পৰীক্ষাত বিদ্শী পৰ্যটকজনৰ দেহত ক’ৰ’নাভাইৰাছৰ উপস্থিতি ধৰা পৰা নাছিল। কিন্তু দ্বিতীয়টো পৰীক্ষাত তেওঁৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আনহাতে, এই সম্পৰ্কত অধিক নিশ্চিত হোৱাৰ উদ্দেশ্য তেওঁৰ দেহৰ তৃতীয়টো নমুনা পুনেস্থিত ৰাষ্ট্ৰীয় ভাইৰাছবিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

স্বাভাৱিকতে এই বাতৰিয়ে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সোমবাৰে নিশা এখন জৰুৰী বৈঠকৰ আয়োজন কৰে।বৈঠকত ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গই অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে সোমবাৰে দিল্লীত এজন আৰু তেলেংগানাত এজন লোক ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। ইয়াৰে দিল্লীত ক’ৰ’নাভাইৰাছ ধৰা পৰা লোকজনে ইটালী ভ্ৰমণ কৰা। ক’ৰ’নাভাইৰাছ আক্ৰান্ত আনজন লোকে ডুবাই ভ্ৰমণ কৰিছিল। বিশ্বৰ আন কে’বাখনো দেশত এই মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ইটালী, দক্ষিণ কোৰিয়া আৰু ইৰাণ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ দেশবাসীলৈ পৰামৰ্শ আগবঢ়াইছে।

আনহাতে, ভাৰতীয় বায়ু সেনাই চীনৰ য়ুহানৰ পৰা বহু ভাৰতীয় আৰু বিদেশী লোকক বিগত কিছুদিনত উদ্ধাৰ কৰিছে। কিছুদিন পূৰ্বে বায়ু সেনাই এখন বিশেষ বিমানযোগে ১২৪জন দেশী-বিদেশী লোকক য়ুহানৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ আনে। ইয়াৰে ১১৯জন লোক ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে আন পাঁচজন বিদেশী নাগৰিক। উল্লেখ্য যে বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চীনৰ পৰা ৬৪০জন ভাৰতীয় লোকক উদ্ধাৰ কৰি দেশলৈ অনা হৈছে। এই কাৰ্যত এয়াৰ ইণ্ডিয়াৰ দুখন বিশেষ বিমান ব্যৱহাৰ কৰা হয়। এই বিমান দুখনে য়ুহানৰ পৰা ভাৰতীয় লোকক দেশলৈ ঘূৰাই আনে। চিকিত্সা বিজ্ঞানীসকলৰ মতে, ক’ৰ’না ভাইৰাছৰ জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হয়।

অন্য খবৰৰ বাবে পঢ়ক : আন্তঃৰাজ্যিক সীমা বিবাদঃ সমাধানৰ বাবে কেন্দ্ৰৰ দাৰস্থ হ’ব অসম চৰকাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Next Story
চাকৰি