Begin typing your search above and press return to search.

আন্তঃৰাজ্যিক সীমা বিবাদঃ সমাধানৰ বাবে কেন্দ্ৰৰ দাৰস্থ হ’ব অসম চৰকাৰ

আন্তঃৰাজ্যিক সীমা বিবাদঃ সমাধানৰ বাবে কেন্দ্ৰৰ দাৰস্থ হ’ব অসম চৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 7:47 AM GMT

আন্তঃৰাজ্যিক সীমা বিবাদঃ সমাধানৰ বাবে কেন্দ্ৰৰ দাৰস্থ হ’ব অসম চৰকাৰ

চুবুৰীয়া কে’বাখনো ৰাজ্যৰ সৈতে যুগ যুগ ধৰি চলি থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে অচিৰেই কেন্দ্ৰৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ। এক আয়োগ গঠনৰ দ্বাৰা এই সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্ৰক আবেদন জনাব ৰাজ্য চৰকাৰে। সোমবাৰে ৰাজ্য চৰকাৰৰ পৰা এই তথ্য বিধানসভাত প্ৰকাশ কৰা হয়। চৰকাৰী তথ্য অনুসৰি অসমৰ আঠ লক্ষাধিক হেক্টৰ ভূমি চুবুৰীয়া কে’বাখনো ৰাজ্যই বেদখল কৰি ৰাখিছে। চুবুৰীয়া ৰাজ্যৰ সৈতে চলি থকা সীমা নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত অগপ বিধায়ক পবিন্দ্ৰ ডেকাই সোধা এক প্ৰশ্নৰ উত্তৰ দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়,” আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ উদ্দেশ্য আমি কেন্দ্ৰৰ দ্বাৰস্থ হ’ম। যিহেতু চুবুৰীয়া অধিকাংশ ৰাজ্য বিজেপি অথবা ইয়াৰ সহযোগী দলৰ শাসনত আছে, গতিকে এই আন্তঃৰাজ্যিক সীমা বিবাদ ৰাজনৈতিকভাৱে সমাধান কৰা হ’ব”।বিষয়টো সন্দৰ্ভত পাটোৱাৰীয়ে আৰু কয় যে আন্তঃৰাজ্যিক সীমা বিবাদক লৈ একাধিক গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে।

সম্প্ৰতি ৰাজ্য চৰকাৰে বিষয়টো নিষ্পত্তিৰ উদ্দেশ্য কেন্দ্ৰৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি পাটোৱাৰীয়ে সদৰী কৰে। বিবাদ বুজাবুজিৰ মাজেৰে মীমাংসা হ’লে সকলো পক্ষৰে মংগল বুলি উল্লেখ কৰি মন্ত্ৰীজনে পুনৰ কয়,“ আয়োগ গঠনৰ জড়িয়তে আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে আমি কেন্দ্ৰক আবেদন জনাম।বুজাবুজিৰ মাজেৰে বিবাদ নিষ্পত্তি হ’ব বুলি আমি আশা কৰো”।আনহাতে, অগপ বিধায়ক ডেকাই সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰি আঙুলিয়াই দি কয় যে অৰুণাচল প্ৰদেশে অসমৰ সাত কিলোমিটাৰ অভ্যন্তৰলৈ সোমাই আহি এখন নতুন জিলা স্থাপন কৰিছে। অৱশ্যে অগপ বিধায়কজনৰ এনে তথ্যৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে চুবুৰীয়া ৰাজ্যৰ এনে আগ্ৰাসন সন্দৰ্ভত অসম চৰকাৰৰ হাতত কোনো তথ্য নাই। ইপিনে, অগপ বিধায়ক ডেকাই পুনৰ কয় যে কেৱল অৰুণাচল প্ৰদেশেই নহয়, চুবুৰীয়া নগালেণ্ড, মেঘালয় আদিয়েও অসমৰ ভূমি বেদখল কৰিছে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ গুৰুত্ব নাই বুলি আওপকীয়াকৈ মন্তব্য কৰি বিধায়ক ডেকাই আৰু কয়,” যেতিয়াই সীমা বিবাদৰ উত্পত্তি হয় তেতিয়াই উপায়ুক্ত পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰা হয়। কিন্তু এনে আলোচনাৰ জড়িয়তে কোনো ফল পোৱা নাযায়। গতিকে অসমৰে চলি থকা আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে প্ৰয়োজনত আয়োগ গঠন কৰা হওক”।

অন্য খবৰৰ বাবে পঢ়ক : এন আৰ চিঃ নাম নাকচৰ কাৰণ জনাই ২০ মাৰ্চৰ পৰা নিৰ্দেশনা

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Next Story
চাকৰি