Begin typing your search above and press return to search.

এন আৰ চিঃ নাম নাকচৰ কাৰণ জনাই ২০ মাৰ্চৰ পৰা নিৰ্দেশনা

এন আৰ চিঃ নাম নাকচৰ কাৰণ জনাই ২০ মাৰ্চৰ পৰা নিৰ্দেশনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 7:04 AM GMT

এন আৰ চিঃ নাম নাকচৰ কাৰণ জনাই ২০ মাৰ্চৰ পৰা নিৰ্দেশনা

অসমত উন্নীত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)ত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকললৈ নাকচ নিৰ্দেশনা জাৰিৰ কাম চলিত মাহৰ পৰা আৰম্ভ হ’ব। সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমদিনা সদনত এই তথ্য প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মুখ্যমন্ত্ৰীৰ অধীনত থকা অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰীৰ হৈ পাটোৱাৰীয়ে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা এক প্ৰশ্নৰ উত্তৰ দি কয় যে এই নাকচ নিৰ্দেশনা জাৰিৰ কাম অহা ২০ মাৰ্চৰ পৰা এন আৰ চি কৰ্তৃপক্ষই আৰম্ভ কৰিব। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তেওঁ কয় যে এই নাকচ নিৰ্দেশনা যোৱা বছৰৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকললৈ জাৰি কৰা হ’ব। এই নাকচ নিৰ্দেশনাৰ জড়িয়তে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ সংশ্লিষ্ট ব্যক্তিজনক অৱগত কৰা হ’ব। এই নিৰ্দেশনা পোৱাৰ ১২০ দিনৰ ভিতৰত এনে এজন ব্যক্তি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব লাগিব।

সেই অনুসৰি বিদেশী ন্যায়াধিকৰণে এনে এজন ব্যক্তি বিদেশী নে ভাৰতীয় নাগৰিক সেয়া ঠাৱৰ কৰিব। তদুপৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে অযোগ্য বিবেচিত এজন ব্যক্তি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নেকি তাৰো বিচাৰ বিদেশী ন্যায়াধিকৰণে কৰিব। উল্লেখ্য যে চূড়ান্ত এন আৰ চিত ১৯ লক্ষাধিক লোকৰ নাম বাদ পৰে। অৱশ্যে খচৰা এন আৰ চিত ৪০লক্ষ লোকৰ নাম বাদ পৰিছিল।আনহাতে, চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে কি কৰিব লাগিব তাক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈ আছিল। সোমবাৰে বিধানসভাত এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে তথ্য প্ৰকাশ কৰাৰ লগে লগে এনে অনিশ্চয়তাৰ একপ্ৰকাৰ অৱসান ঘটিছে।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে এন আৰ চি উন্নীতকৰণৰ কাম ক্ষিপ্ৰতৰ কৰি তোলা বুলি দাবী কৰি মন্ত্ৰীজনে লগতে কয়,“ বৰ্তমানে মাথোঁ ২০ শতাংশ কথন নিৰ্দেশনা (স্পীকিং অৰ্ডাৰ)ৰ কাম সম্পূৰ্ণ হ’বলৈহে বাকী আছে। এই অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ পাছতে অহা ২০ মাৰ্চৰ পৰা সংশ্লিষ্ট ব্যক্তিসকললৈ নাকচ নিৰ্দেশনা জাৰি কৰা হ’ব”।এই কথন নিৰ্দেশনাত এজন ব্যক্তিৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা থাকিব। সম্প্ৰতি এই কথন নিৰ্দেশনা প্ৰস্তুতিৰ কাম চলি আছে।

অন্য খবৰৰ বাবে পঢ়ক : বাজেট অধিবেশন আৰম্ভ : দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Next Story
চাকৰি