Begin typing your search above and press return to search.

বাজেট অধিবেশন আৰম্ভ : দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট  

বাজেট অধিবেশন আৰম্ভ : দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট  

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 6:15 AM GMT

বাজেট অধিবেশন আৰম্ভ : দল-সংগঠনৰ প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট । সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন। ইয়াৰ পৰিপ্ৰেক্ষিতত দিছপুৰকে ধৰি মহানগৰীৰ বহু স্থানত নিপাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। নিৰাপত্তাৰ বাবে অতিৰিক্ত আৰক্ষী, চি আৰ পি নিয়োগ কৰা হৈছে।

ইয়াৰ মাজতেই বিভিন্ন দল-সংগঠনে নিজ নিজ দাবীৰ সমৰ্থনত দিছপুৰ লাষ্টগেটত ধৰ্ণা-ধৰ্মঘট পালন কৰিছে। বিভিন্ন শ্ল'গান , প্লে কাৰ্ডৰে সোমবাৰে দিছপুৰ লাষ্টগেটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম এ এন এম (প্ৰশিক্ষণ প্ৰাপ্ত) সন্থা, সদৌ অসম নিবনুৱা সন্থা, উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে ।

প্ৰতিবাদস্থলীত এ এন‌ এম ( প্ৰশিক্ষণপ্ৰাপ্ত) নাৰ্চসকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰী নিযুক্তিৰ দাবীত বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰে । প্ৰতিবাদকাৰীসকলে কয় যে ব্যক্তিগত নাৰ্ছিংহোম আৰু চিকিৎসালয়সমূহত কৰ্মৰত নাৰ্ছসকলক শ্ৰম আইনৰ অধীনত দৰমহাৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰিব লাগে। তেওঁলোকে কয় যে শ্ৰম আইন মানি চলিবলৈ চৰকাৰে চিকিৎসালয়সমূহক হেঁচা প্ৰয়োগ কৰিব লাগে আৰু নাৰ্ছৰ প্ৰশিক্ষণ কাৰ্যক্ৰম বন্ধ কৰি দিব লাগে কাৰণ ইতিমধ্যে অসংখ্য নাৰ্ছ নিবনুৱা হৈ আছে।

আনহাতে, প্ৰতিবাদ সাব্যস্ত কৰি সদৌ অসম নিবনুৱা সন্থাই দাবী জনায় যে ৰাজ্য চৰকাৰে খালী পদসমূহত স্থানীয় লোকক নিযুক্তি দিব লাগে। তদুপৰি তেওঁলোকে অনলাইন আবেদন প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় যাতে অন্য ৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। সন্থাই লগতে দাবী জনায় যে লিখিত পৰীক্ষা ৰাজ্যৰ বিশ্বাসযোগ্য সংস্থাৰ মাধ্যমত পৰিচালনা কৰে আৰু নিবনুৱাক প্ৰদান কৰা ঋণৰ প্ৰক্ৰিয়া অধিক সুবিধাজনক কৰি তুলিব লাগে। সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সম্পাদক জীৱন ৰাজখোৱাই কয় যে চৰকাৰী তথ্য অনুসৰি, নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২৬ লাখ । কিন্তু প্ৰকৃততে ৰাজ্যত শিক্ষিত, অৰ্ধ-শিক্ষিত, আৰু অ-শিক্ষিত নিবনুৱাৰ সংখ্যা ৫০ লাখ বুলি তেওঁ মন্তব্য কৰে ।

ইপিনে, উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৱে সোমবাৰে লাষ্টগেটত বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে জনায় যে সংখ্যালঘু সম্প্ৰদায়ৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰিব লাগে । তদুপৰি সংগঠনটোৱে অসমৰ চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰা, হিতাধিকাৰীসকলক প্ৰাপ্য প্ৰদান কৰা, হজ সমিতিৰ কেলেংকাৰী তদন্ত কৰা আদিক লৈ উত্তাল তোলে দিছপুৰ লাষ্টগেট।

Next Story
চাকৰি