শীৰ্ষ বাতৰি

ৰাজ্যত কৃত্ৰিম ৰঙৰ চুপাৰিয়ে প্ৰভাৱ পেলাইছে স্থানীয় ছুপাৰিত

Sentinel Digital Desk

ৰাজ্যত চুপাৰি চিণ্ডিকেট চৰ্চাৰ শীৰ্ষত আছে। প্ৰত্যেক দিনত চুপাৰিৰ খবৰে বাতৰিৰ শিৰোনামা দখল কৰি আছে ৷ভাৰতৰ বজাৰত বিদেশী চুপাৰি ৰ দপদপনি টোপনি হৰিছে সকলোৰে ৷ইফালে বিদেশী চুপাৰি স্থানীয় ভাৱে বিক্ৰী কৰাতো উচিত নহয় ৷ম্যানমাৰ,থাইলেণ্ড আদিৰ পৰা পোৱা বিদেশী চুপাৰি স্থানীয় ভাৱে বিক্ৰী কৰি যথেষ্ট লাভ অৰ্জন কৰে স্থানীয় বেপাৰীয়ে ৷

ইফালে এক কিলোগ্ৰাম বাৰ্মিজ ছুপাৰি ৯০-১৫০ টকাৰ বিপৰীতে ২৫০-২৮০ টকাত বিক্ৰী কৰে ব্যৱসায়ীয়ে। কৰ বিভাগৰ এক বিশেষ সূত্ৰৰ মতে বিদেশী ছুপাৰীত বগা ৰঙ থকাৰ বিপৰীতে স্থানীয় ছুপাৰীৰ ৰং হয় ৰঙা। অৱশ্যে স্থানীয় ছুপাৰিৰ সোৱাদ বিদেশী ছুপাৰিতকৈ উত্তম ৷ ব্যৱসায়ীসকলে বাৰ্মিজ চুপাৰিৰ ৰঙ ৰঙা কৰিবলৈ ৰঙৰ ব্যৱহাৰ কৰে ৷

এক স্থানীয় ব্যৱসায়ীৰ মতে ছুপাৰীক চাৰিটা ভাগত ভাগ কৰা হৈছে ৷ অৰ্থাৎ এটা ছুপাৰিক মাজত দুফাল কৰা বা ফলা ছুপাৰি,গোটা ছুপাৰি,শুকান ছুপাৰি আৰু কাপলা ৷এক কেজি কাপলা ছুপাৰিৰ মূল্য ৩০০-৪০০ ৷এই মন্তব্য এজন ব্যৱসায়ীৰ। লগতে ছুপাৰি ব্যৱসায়ীজনৰ মন্তব্য অনুসৰি বিদেশী ছুপাৰিয়ে স্থানীয় ছুপাৰিৰ ওপৰত প্ৰভাৱ পেলাইছে ৷ইয়াৰ পূৰ্বতে আমি উত্তৰ প্ৰদেশ পশ্চিম বংগত ছুপাৰিৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিলো যদিও সম্প্ৰতি এই ক্ষেত্ৰত বিপৰীত ছবি দেখা গৈছে ।

এক গোপন সূত্ৰ পম খেদি বুধবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে জালুকবাৰীত ২৬ চুপাৰি ট্ৰাক আৰু আন এখন যোৰবাটত নিজৰ জিম্মাত লয়। এক বিশেষ সূত্ৰই জনোৱা অনুসৰি ইয়াৰ বেছিভাগ বাহন আছিল মিজোৰামৰ ৷ আৰু এই বাহনসমূহ পশ্চিম বংগৰ ফালে যাত্ৰা কৰিছিল।

মহানগৰীৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এই বাহনসমূহৰ যাৱতীয় নথি পত্ৰৰ পৰীক্ষা নিৰীক্ষা চলি আছে ৷আমি কৰ আৰু জিলা পৰিবহন বিভাগৰ দ্বাৰা যাৱতীয় কাম কৰি আছো ৷ কৰ বিভাগে বাহন সমূহৰ চালান আৰু জিএচটি সম্পৰ্কত তদন্ত কৰি আছে ৷এইসমূহ তদন্তৰ পৰাোযদি আমি কোনো ধৰণৰ তথ্য লাভ কৰোঁ তেন্তে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম এই মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।