মহানগৰীত ২৭ খন চুপাৰি বাহনক জব্দ

মহানগৰীত ২৭ খন চুপাৰি বাহনক জব্দ

মহানগৰীত বিভিন্ন প্ৰান্ত সম্প্ৰতি বিভিন্ন ভূৱা বাৰ্মিজ বস্তৰে ভৰি পৰিছে ৷এক গোপন সূত্ৰ পম খেদি বুধবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে জালুকবাৰীত ২৬ চুপাৰি ট্ৰাক আৰু আন এখন যোৰবাটত নিজৰ জিম্মাত লয়। এক বিশেষ সূত্ৰই জনোৱা অনুসৰি ইয়াৰ বেছিভাগ বাহন আছিল মিজোৰামৰ ৷ আৰু এই বাহনসমূহ পশ্চিম বংগৰ ফালে যাত্ৰা কৰিছিল।

মহানগৰীৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এই বাহনসমূহৰ যাৱতীয় নথি পত্ৰৰ পৰীক্ষা নিৰীক্ষা চলি আছে ৷আমি কৰ আৰু জিলা পৰিবহন বিভাগৰ দ্বাৰা যাৱতীয় কাম কৰি আছো ৷ কৰ বিভাগে বাহন সমূহৰ চালান আৰু জিএচটি সম্পৰ্কত তদন্ত কৰি আছে ৷এইসমূহ তদন্তৰ পৰাোযদি আমি কোনো ধৰণৰ তথ্য লাভ কৰোঁ তেন্তে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম এই মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।

উল্লেখ্য যে মহানগৰীত কেৱল চুপাৰিয়ে নহয় চিগাৰেটৰ সহিতে অন্যান্য বস্তসমূহৰ অবৈধ বেহাৰ তথ্য পোৱা যায়।কাৰ্বি আংলঙৰ অসম নাগালেণ্ড সীমান্তত মংগলবাৰে ডিলই আৰক্ষী থানাই এক বৃহৎ পৰিমাণৰ ভূৱা বাৰ্মিজ উদ্ধাৰ কৰে। এই বাৰ্মিজসমূহ গুৱাহাটীৰ পৰা ডিমাপুৰৰ যোৱা পথত তিনিখন ট্ৰাক জব্দ কৰে। জব্দ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে চিগাৰেট,ম’হ মৰা কইল,চিন্থেথিক কাপোৰ আৰু প্ৰশাধনৰ বিভিন্ন বস্তু ৷যি সমূহৰ মূল্য হ’ব প্ৰায় ৫০ লাখ টকা ।

এই ভূৱা সামগ্ৰীসমূহ ডিমাপুৰৰ এজন ব্যৱসায়ীৰ দ্বাৰা মণিপুৰৰ মাজেদি বহি ৰাজ্যলৈ পঠোৱা হৈছিল। এই সমাগ্ৰীসমূহ ৩৬ ৰাষ্ট্ৰীয় ঘাই পথেদি পঠোৱা হৈছিল ।চিগাৰেট আৰু গডজিলা এক ম’হ খেদা কইল হিচাপে ব্যৱহাৰ কৰা হয় ।ম’হ খেদা এই বিধ কইলক ভাৰতীয় কীটনাশক অধিনিয়ম ১৯৬৪ ৰ আধাৰত বিপদজনক হিচাপে আখ্যা দিছে। এই বিধ কইল ৰাজ্যৰ প্ৰায় দোকানত উপলব্ধ ৷এক বিশেষ সূত্ৰৰ মতে অবৈধ বেহাৰ বাহনসমূহ গুৱাহাটী,মিজোৰাম আৰু শিলচৰৰ জৰিয়তে দেশৰ অন্যান্য ঠাইলৈ সৰবৰাহ হয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Truck laden with illegal timbers seized by BJP Yuva Morcha in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com