গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আটক ড্ৰাগচ সৰবৰাহকাৰী: জব্দ ৭ কেজি গাঞ্জা

গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আটক ড্ৰাগচ সৰবৰাহকাৰী: জব্দ  ৭ কেজি গাঞ্জা

মংগলবাৰে আৰ পি এফে গুৱাহাটী ৰে'ল ষ্টেচনত তালাচী অভিযান চলাইছিল । এই তালাচী অভিযানত এজন সন্দেহজনক ব্যক্তিক প্ৰতক্ষ্য কৰে আৰক্ষীয়ে । ব্যক্তি জনে সেনাৰ পোছাক পৰিধান কৰি আহিছিল আৰু লগত এটা বেগ লৈ আহিছিল ।

তালাচীৰ সময়ত ব্যক্তি জনে নিজৰ পৰিচয় পত্ৰ দেখুৱাত ব্যৰ্থ হয় । তাৰ পাছত তালাচী চলাওঁতে বেগৰ পৰা প্ৰায় ৭ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । সোধপোছ কৰাৰ পিছত ব্যক্তি জনে কোনো পৰিচয় পত্ৰ দেখুৱাবলৈ সক্ষম নহয় ।

আটক কৰা ব্যক্তি জনৰ নাম সন্তুষ কৰ সিঙ । ঘৰ বিহাৰৰ ভোজপুৰ জিলাৰ বেহিয়া আৰক্ষী চকীৰ মাখদুমপুৰ গাঁওত । সোধপোছ কৰাৰ সময়ত তেওঁ ডিমাপুৰৰ পৰা গাঞ্জা খিনি লৈ আহিছিল বুলি স্বীকাৰ কৰিছে । এই গাঞ্জা খিনিৰ বজাৰৰ মুল্য হব প্ৰায় ৩৫,০০০ টকা ।

কিছুদিনৰ পুৰ্বে অসম আৰক্ষীয়ে ৫৯০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছত এই খবৰে দেশত চাঞ্চ্যলৰ সৃষ্টি কৰিছিল ।

চাগালিয়া চেক পইন্টত এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । ধুবুৰী আৰক্ষী নেতৃত্বত ৫৯০ কেজিৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । টুইটাৰতপ্ৰকাশ পোৱা এই পষ্টটোত গাঞ্জাৰ ফটোও সন্নিবিষ্ট কৰি দিয়া হৈছিল ।

এই বৃহৎ সংখ্যক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাত প্ৰশংসা কৰিছিল অসম আৰক্ষীয়ে । টুইটাৰত প্ৰকাশ কৰাৰ পাছতে এই খবৰে তীব্ৰ চৰ্চা লাভ কৰিছিল । পুনৰ গাঞ্জা জব্দয়ে গাঞ্জাৰ ৰমৰমীয়া বেহাৰ চলি থকাৰ কথা পোহৰলৈ আনিছে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com