শীৰ্ষ বাতৰি

ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজঃ অৰুণাচল প্ৰদেশলৈ পি পি ই-ভি টি এমসহ এক টন চিকিৎসা সঁজুলি

Sentinel Digital Desk

ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজঃ অৰুণাচল প্ৰদেশলৈ পি পি ই-ভি টি এমসহ এক টন চিকিৎসা সঁজুলি

ক’ৰ’না মহামাৰীৰ বিশেষ প্ৰাদুৰ্ভাব নঘটা সত্বেও এই প্ৰাণঘাটক মহামাৰী ৰোধৰ উদ্দেশ্য অৰুণাচল প্ৰদেশ চৰকাৰে পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। বিশ্বজুৰি সংহাৰ চলোৱা এই মহামাৰী ৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে চিকিৎসা সঁজুলি পৰ্যাপ্তভাবে মজুত কৰাৰ চেষ্টা কৰিছে। সম্প্ৰতি ৰাজ্য চৰকাৰে ক’ৰ’না ৰোগীৰ চিকিৎসা কৰোতে চিকিৎসা-স্বাস্থ্যকৰ্মীক প্ৰয়োজনীয় পি পি ই আৰু ভি টি এমসহ এক টন সামগ্ৰী কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছে। টুইটাৰত এই কথা সদৰী কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, “ দিল্লীৰ পৰা গুৱাহাটী হৈ মালবাহী বিমানেৰে আজি আমাৰ ৰাজ্যলৈ পি পি ই, ভি টি এমসহ এক টন চিকিৎসা সঁজুলি অনা হ’ল।আমি এই সামগ্ৰী কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছো।আমাক সুৰক্ষিত ৰখাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা নিৰলস প্ৰচেষ্টাক ই প্ৰমাণিত কৰিছে”। উল্লেখ্য যে অৰুণাচল প্ৰদেশতো এজন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হৈছিল। এই লোকজনে দিল্লীৰ নিজামুদ্দিন দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতত অংশ লৈছিল। কিছুদিন চি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁ সুস্থ হয়। তাৰ পাছতে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।