ক’ৰ’না মুক্ত হ’ল ত্ৰিপুৰা, দ্বিতীয় জন ৰোগীৰ পৰীক্ষা নিগেটিভ: মুখ্যমন্ত্ৰী দেব

ক’ৰ’না মুক্ত হ’ল ত্ৰিপুৰা, দ্বিতীয় জন ৰোগীৰ পৰীক্ষা নিগেটিভ: মুখ্যমন্ত্ৰী দেব

ক’ৰ’না মুক্ত হ’ল ত্ৰিপুৰা, দ্বিতীয়জন ৰোগীৰ পৰীক্ষা নিগেটিভ: মুখ্যমন্ত্ৰী দেব। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য‌ মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰা মুক্ত হ'ল ক’ৰ’না মহামাৰীৰ পৰা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে বৃহস্পতিবাৰে এই কথা সদৰী কৰি কয় যে ত্ৰিপুৰাৰ দ্বিতীয়জন ক’ৰ’না ৰোগীৰ দুবাৰকৈ কৰা নমুনা পৰীক্ষা নিগেটিভ ওলোৱাৰ পিছত ত্ৰিপুৰা ক’ৰ’না মুক্ত হৈছে। এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়।

ত্ৰিপুৰাক ক’ৱিড-১৯ মুক্ত কৰাৰ প্ৰয়াসৰ বাবে সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ টুইটাৰত কয়, " মই সকলো চিকিৎসক , স্বাস্থ্যকৰ্মী , সকলো ফন্ট লাইন যোদ্ধা আৰু জনতাক ত্ৰিপুৰা ক’ৰ’না মুক্ত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। সামাজিক দূৰত্ব আৰু সকলো উচিত নীতি-নিৰ্দেশনা পালন কৰাৰ বাবে আমি সম্পূৰ্ণ চেষ্টা কৰিম । ভগৱানে আশীৰ্বাদ‌ কৰক"।

ত্ৰিপুৰাৰ প্ৰথম ক'ৱিড-১৯ আক্ৰান্ত ৰোগী আছিল গোমতী জিলাৰ উদয়পুৰ চহৰৰ এগৰাকী মহিলা ৷ তেওঁ গুৱাহাটী ভ্ৰমণ কৰিছিল ৷ মহিলাগৰাকীৰ শৰীৰত ৬ এপ্ৰিলত ক’ৰ’নাৰ অৱস্থিতি ধৰা পৰে। ১৬ এপ্ৰিললৈ তেওঁ সুস্থ হয় আৰু আয়ছোলেছনৰ পৰা বাহিৰ কৰা হয়। তাৰ পিছত তেওঁক গোমতী জিলাৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হয় ।‌

তাৰ পিছতে ত্ৰিপুৰা ষ্টেট ৰাইফলচৰ এজন দোৱানৰ দেহত ১৬ এপ্ৰিলত ধৰা পৰে ক’ৰ’নাৰ অৱস্থিতি। তেওঁক উত্তৰ ত্ৰিপুৰাৰ ধৰ্মচেৰাত ক’ৱিড-১৯ ৰ পৰীক্ষা কৰা হৈছিল । তাৰ পিছত তেওঁক জি বি পান্ট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৃহস্পতিবাৰে তেওঁৰ পৰীক্ষা নিগেটিভ ওলাই । ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে সংবাদ মাধ্যমৰ আগত কয় যে ৰোগী জনৰ আন এটি পৰীক্ষা কৰি থকা হৈছে । এই পৰীক্ষা নিগেটিভ ওলোৱাৰ পিছত তেওঁক মুকলি কৰি দিয়া হ'ব ।

ত্ৰিপুৰাত বৰ্তমান ১১১ জন‌ ক’ৰ’নাৰ সন্দেহজনক ব্যক্তিক নিৰীক্ষণত ৰখা হৈছে ৷ তদুপৰি আন ২২৭ জন ব্যক্তি ঘৰুৱা কোৱাৰেন্টাইনত আছে ।

উল্লেখ্য যে, দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত আজি শুকুৰবাৰলৈকে ক’ৰ’না মহামাৰীত ৭২৫জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ২৩,২৩৯ জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com