শীৰ্ষ বাতৰি

লক-ডাউনত অভিলেখ গঢ়িলে অসমৰ ছাত্ৰই, ৰেকৰ্ড বুকত নাম অন্তৰ্ভুক্তি

সুৰেশে ৬০ দিনত এনে প্ৰতিযোগিতাত অংশ লৈ কৃতিত্ব অৰ্জন কৰিছিল তথা ৮৮খন প্ৰমাণপত্ৰ লাভ কৰিছিল।

Sentinel Digital Desk

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি ঘোষিত তলাবন্ধ বা লক-ডাউনৰ সময়ছোৱাত অসমৰ এজন ছাত্ৰই বিভিন্ন অনলাইন প্ৰতিযোগিতাত অংশ লৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰ ছেইণ্ট মেৰীজ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিকায়ন কাশ্যপে লক-ডাউনৰ সময়ছোৱাৰ ২৪ দিনত ৯০ খন অনলাইন কুইজ আৰু আন প্ৰতিযোগিতাত অংশ লৈ কৃতিত্ব প্ৰদৰ্শন কৰে। সেই সূত্ৰে তেওঁ ইণ্টাৰনেচনেল বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ অংশ লোৱা প্ৰতিযোগিতাসমূহ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ আছিল।

ইয়াৰ পূৰ্বে এই কৃতিত্বৰ অধিকাৰী আছিল ৰাজস্থানৰ সুৰেশ দেশমুখ প্ৰজাপতি। সুৰেশে ৬০ দিনত এনে প্ৰতিযোগিতাত অংশ লৈ কৃতিত্ব অৰ্জন কৰিছিল তথা ৮৮খন প্ৰমাণপত্ৰ লাভ কৰিছিল।