শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫২জনলৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত

Sentinel Digital Desk

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫২জনলৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৫২জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ দুজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় । এই ক'ৰ'না আক্ৰান্তদ্বয় নগাঁও আৰু হোজাইৰ। দুয়োজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে।