শীৰ্ষ বাতৰি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,১৫৮ লৈ বৃদ্ধি, আৰু ৪০জন পজিটিভ চিনাক্ত

Sentinel Digital Desk

অসমত দ্ৰুতগতিত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,১৫৮জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৪০জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৪০ ক'ৰ'না আক্ৰান্তৰ ৩১জন যোৰহাটৰ, ৩জন ধেমাজিৰ, ২ জন বিশ্বনাথৰ, ২জন ধুবুৰীৰ, এজন লখিমপুৰৰ আৰু এজন ডিব্ৰুগড়ৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,১৮৭জনলৈ বৃদ্ধি পাইছে।