শীৰ্ষ বাতৰি

অসমত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অব্যাহতঃ আক্ৰান্তৰ সংখ্যা ৪,৭৭৭লৈ বৃদ্ধি

Sentinel Digital Desk

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪,৭৭৭ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৮২ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৮২ ক'ৰ'না মহামাৰী আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,১১১ জনলৈ বৃদ্ধি পাইছে।