শীৰ্ষ বাতৰি

ৰাজ্যৰ বান পৰিস্থিতি উন্নতঃ আক্ৰান্তৰ সংখ্যা ২ হেজাৰৰ ঘৰলৈ হ্ৰাস

Sentinel Digital Desk

ৰাজ্যৰ বান পৰিস্থিতি উন্নতঃ আক্ৰান্তৰ সংখ্যা ২ হেজাৰৰ ঘৰলৈ হ্ৰাস

ৰাজ্যৰ বান পৰিস্থিতিৰ দ্ৰুত উন্নতি ঘটিছে। যোৱা ২৪ ঘণ্টাত পৰিস্থিতি চকুত লগাকৈ উন্নত হয়। ফলত আক্ৰান্তৰ সংখ্যা ২ হেজাৰৰ ঘৰলৈ হ্ৰাস পাইছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি সম্প্ৰতি গোৱালপাৰা আৰু লখিমপুৰ জিলাৰ ৫ খন গাঁওহে বানাক্ৰান্তৰ তালিকাত আছে। সম্প্ৰতি বানাক্ৰান্তৰ সংখ্যা ২,১৩৬জনলৈ হ্ৰাস পাইছে। ইয়াৰ আগলৈকে বানাক্ৰান্তৰ সংখ্যা ১১,৩২২জন আছিল। আনহাতে, আন্তঃগাঁথনিৰ বহু ক্ষতি হয়। বৰপেটা, কাচাৰ আৰু কৰিমগঞ্জত পথৰ ক্ষতিসাধন হয়। তদুপৰি বাগসাত দলঙৰো ক্ষত্সাধন হয়। আনহাতে,  বাৰিষাৰ আৰম্ভণীতে হোৱা বছৰটোৰ এই প্ৰথম বানত ১০জন লোকৰ মৃত্যু হয় ৷ তদুপৰি এই বানত আন্তঃগাঁথনিৰো বৃহৎ ক্ষতিসাধন ঘটে ৷ ডিব্ৰুগড়ত মথাউৰিৰ, কৰিমগঞ্জ জিলাত তিনিটা পথৰ আৰু বাগসা জিলাত এখন দলঙৰ ক্ষতিসাধন হয় ৷ তদুপৰি ডিব্ৰুগড়ৰ এক অঞ্চল খহনীয়াৰ কবলত পৰিছে। এই খহনীয়াত ৫১০জন লোক ক্ষতিগ্ৰস্ত হয় ।